ডাঙৰ খবৰ 
শোণিতপুৰ

ৰঙাপৰাৰ চুৰীয়া বিলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত চুৰীয়া বিলত নিশা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম গীতা কৰ্মকাৰ। নিশা প্ৰায় ২ বজাত এটা বনৰীয়া হাতীয়ে চুৰীয়া বিলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।

হাতীৰ আতংকত গীতা কৰ্মকাৰ নামৰ মহিলাগৰাকীয়ে পলাবলৈ চেষ্টা কৰোতে বনৰীয়া হাতীটোৱে আক্ৰমণ কৰি নিহত কৰে মহিলাগৰাকীক। লগতে চুৰীয়া বিলৰ ৩টাকৈ বাসগৃহ ভাঙি তহিলঙ কৰে বনৰীয়া হাতীটোৱে।

আনহাতে এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই বনবিভাগৰ লোক। উক্ত অঞ্চলটিত বহুদিনৰে পৰা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ।