ছয়দুৱাৰ নিলম্বিত BDO অৰুণ কুমাৰ দাসে ভেণ্ডৰ দীপক বৰাৰ একাউণ্টত ভৰাইছিল এনৰেগাৰ সামগ্ৰীৰ ধন... 
শোণিতপুৰ

ছয়দুৱাৰ নিলম্বিত BDO অৰুণ কুমাৰ দাসে ভেণ্ডৰ দীপক বৰাৰ একাউণ্টত ভৰাইছিল এনৰেগাৰ সামগ্ৰীৰ ধন...

Asomiya Pratidin

ডিজিটেল সংবাদ ছয়দুৱাৰ: চৰকাৰী আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ বোকোচাত উঠি লুণ্ঠনৰ পোহাৰ মেলা গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসক শুকুৰবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ জে.বি এক্কাই এক চৰকাৰী নিৰ্দেশনা যোগে চাকৰিৰ পৰা নিলম্বিত কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ পোহৰলৈ আহিবলৈ লৈছে। ২০১৯ চনৰ জুলাই মাহৰ পৰা একাদিক্ৰমে প্ৰায় ৪ বছৰ ছয়দুৱাৰ উন্নয়ন খণ্ডত খুঁটি পুতি লুটি পুতি খোৱা নিলম্বিত বিডিঅ' অৰুণ কুমাৰ দাসে তেওঁৰ কাৰ্য্যকালত দুৰ্নীতি অনিয়মেৰে ভৰাই তুলিলে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ৰ বাহিৰ ভিতৰ।

এইগৰাকী দুৰ্নীতি পৰায়ণ আৰু ঘোচখোৰ বিডিঅ'ৰ বিৰুদ্ধে অসমীয়া প্ৰতিদিনত ধাৰাবাহিকভাবে বাতৰি প্ৰকাশ পোৱাৰ পিছতো ৰাজনৈতিক আৰ্শীবাদত সুৰক্ষিত আৰু নিৰাপদ হৈ আছিল তেওঁ। কিন্তু দুৰ্নীতিৰে সীমা চেৰাই যোৱা বিডিঅ' অৰুণ কুমাৰ দাসৰ দশা বেয়া থকাৰ কাৰণে ৰাজনৈতিক শক্তিয়েও তেওঁক এতিয়া উদ্ধাৰ কৰিব নোৱাৰিলে।

যাৰ বাবে একেই বিত্তীয় কেলেংকাৰীৰ অভিযোগত নিলম্বন হোৱা ৮ গৰাকী বিডিঅ'ৰ নিলম্বনৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল ঘোচখোৰ বিডিঅ' অৰুণ কুমাৰ দাসৰ নামো।জানিব পৰা মতে-উন্নয়ন খণ্ড বা পঞ্চায়তত কৰ্মৰত ঠিকা ভিত্তিত কৰ্মচাৰীক দৰমহা হিচাপে দিবলৈ ৰখা এমজিএনৰেগাৰ পুঁজিৰ ধন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ বিত্তীয় অনুমোদন অবিহনে এমজিএনৰেগাৰ সামগ্ৰীৰ ধনৰ শিতানত খৰছ কৰা দেখুৱাই সমূদায় ধন আত্মসাৎ কৰাৰ নিকৃষ্ট মানসিকতাৰে পঞ্জীয়নভুক্ত এগৰাকী ভেণ্ডৰৰ একাউন্টত অৰ্কৃত্বশীলভাবে সোমোৱাই দিছিল বিডিঅ' অৰুণ কুমাৰ দাসে।

সেই অনুসৰি নিলম্বিত বিডিঅ' অৰুণ কুমাৰ দাসে এমজিএনৰেগাৰ ৯,৬৭,৭১৫ টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি ইয়াৰে এটা মোটা অংক সোমোৱাই দিয়ে পঞ্জীয়নভুক্ত ভেণ্ডৰ দীপক বৰাৰ একাউণ্টত। ভেণ্ডৰৰ সহযোগত উক্ত বৃহৎ পৰিমাণৰ চৰকাৰী ধন টেঁটুলৈকে গিলিবলৈ মুখ মেলা অৰুণ দাসৰ উক্ত অনিয়মৰ বিষয়ে বিভাগে গম পোৱাৰ পিছত ইয়াৰ উত্তৰ বিচাৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।

তেওঁৰ উত্তৰত বিভাগ সন্তুষ্ট নোহোৱাৰ কাৰণে শুকুৰবাৰে 1964 Assam Service (Discipline and Appeal) Rule 3ৰ অধীনৰ বিধি অনুসৰি নিলম্বিত হ'বলগীয়া হয় অৰুণ কুমাৰ দাস। উল্লেখযোগ্য যে,যি গৰাকী ভেণ্ডৰক সাৰথি কৰি উক্ত ধনৰ এটা মোটা অংক উদৰস্থ কৰিবলৈ অৰুণ কুমাৰ দাসে কৌশল তৈয়াৰ কৰিছিল সেইগৰাকী ভেণ্ডৰ হৈছে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ইনু বৰাৰ স্বামী দীপক বৰা।

পূৰ্বতেও এইগৰাকী ভেণ্ডৰৰ একাউণ্টত সামগ্ৰীৰ ধন ভৰোৱাৰ নামত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ একাধিক অভিযোগ আছে বিডিঅ' দাসৰ বিৰুদ্ধে। ইনু বৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ সুৱাদতে দীপক বৰা এতিয়া উন্নয়ন খণ্ডটোৰ আগশাৰী ভেণ্ডৰ। যদিও তেওঁ ঘৰত নাথাকে।

বিডিঅ' অৰুণ কুমাৰ দাসে সংঘটিত কৰা শেহতীয়া এই বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে এক উচ্চ পৰ্য্যায়ৰ তদন্ত হ'লে উন্নয়ন খণ্ডটোৰ সংশ্লিষ্ট একাউন্টেণ্ট আৰু ভেণ্ডৰ দীপক বৰা তদন্তৰ আওতালৈ অহাটো নিশ্চিত। কাৰণ-ডুংগল পদ্ধতিৰে হোৱা উক্ত চৰকাৰী লেনদেনৰ প্ৰক্ৰিয়াত প্ৰথমে একাউণ্টণ্টে অনুমোদন জনোৱাৰ পিছতহে বিডিঅ'ৰ অনুমোদনৰ প্ৰয়োজন হয়।

বিভাগীয় অনুমোদন নথকাৰ পিছতো কাৰ ক্ষমতাৰ ভিত্তিত উক্ত ধন ভেণ্ডৰৰ একাউণ্টত সোমোৱাবলৈ সক্ষম হ'ল সেই বিষয়ে এক উচ্চ পৰ্য্যায়ৰ তদন্ত হ'লে একাউণ্টেণ্ট আৰু ভেণ্ডৰগৰাকী যে জালত পৰিব সেয়া নিশ্চিত।

উল্লেখযোগ্য যে যোৱা ২৫-৩০ বছৰ ধৰি ছয়দুৱাৰ উন্নয়ন খণ্ড কাৰ্য্যলয়ত গাণনিক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি অহা পঙ্কজ মৰাঙে একেটা স্থানতে পদোন্নতিসহ চাকৰি কৰি আছে। বৰ্তমান সহকাৰী গাণনিক বিষয়া হিচাপে কৰ্মৰত পঙ্কজ মৰাঙে বছৰ বছৰ ধৰি উক্ত কাৰ্য্যলয়ত কেনেদৰে চাকৰি কৰাৰ সুযোগ সুবিধা লাভ কৰি আহিছে সেইয়া এতিয়া সকলোৰে বাবে হৈ পৰিছে এক লাখ টকীয়া প্ৰশ্ন।

নৈয়ে এৰা অংশত অমৃত সৰোবৰৰ পুখুৰী খান্দি লুণ্ঠনৰ কৌশল তৈয়াৰ কৰা এইগৰাকী বিডিঅ'ই বজাৰ আবণ্টন দিয়াৰ ক্ষেত্ৰত কৰা অনিয়ম,পুৰণি কাঠ আৰু টিনপাতেৰে পশু চিকিৎসালয় গৃহ নিৰ্মাণ কৰি "অসমীয়া প্ৰতিদিন"ৰ শিৰোনামা দখল কৰি আহিছে যদিও লুণ্ঠনৰ নিকৃষ্ট স্বাৰ্থত এইবোৰলৈ কানসাৰ নাছিল তেওঁৰ।

এইগৰাকী বিডিঅ'ৰ চাৰিবছৰীয়া কাৰ্য্যকালৰ যদি এক উচ্চ পৰ্য্যায়ৰ বিভাগীয় তদন্ত কৰা হয় তেন্তে বহু কেলেংকাৰী পোহৰলৈ অহাটো এশ শতাংশ নিশ্চিত।বিডিঅ' অৰুণ কুমাৰ দাসৰ নিলম্বনৰ নিৰ্দেশনাটোত তেওঁ 1965 Assam Civil Service Conduct Rule 3 ৰ নিয়ম অমান্য কৰা বুলি উল্লেখ আছে।