শোণিতপুৰ

প্ৰচণ্ড গৰম : বিশ্বনাথৰ বিলত কুইন্টলে কুইন্টলে মাছৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথ : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো পাৰাস্তম্ভই শনিবাৰে ৩৭° চেণ্টিগ্ৰেডৰ ঘৰ স্পৰ্শ কৰিছে । আহিনৰ পহিলা সপ্তাহৰ  গ্ৰীষ্ম প্ৰৱাহৰ এই অভূতপূৰ্ব ঘটনাই  কাৰ্যতঃ লেবেজান কৰি তুলিছে প্ৰাণী আৰু বৃক্ষকুলকো।

প্ৰচণ্ড উত্তাপৰ ফলত বিদ্যালয়,চৰকাৰী,বেচৰকাৰী কাৰ্যালয়ত কৰ্মত নিয়োজিত সকলৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে । পুৱা সূৰ্যোদয়ৰ পৰা নিশা এপৰলৈকে গৰমৰ প্ৰকোপ বৰ্ণনাতীত।

শেৱালী ফুলাৰ বতৰত উষ্ণতাৰ এই প্ৰকোপত এইবাৰ বিলৰ মৎস্যকূলৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে । বিশ্বনাথৰ ছোৱাগুৰী এখন বিলত সম্প্ৰতি উষ্ণতা সহ্য কৰিব নোৱাৰি মাছ মৰিবলৈ ধৰিছে ।

ইদ্ৰীছ আলি নামৰ লোকজনে লিজত লৈ এই বিলখনত মীন পালন কৰিছিল। কিন্তু এতিয়া মীন উৎকট গৰমৰ ফলত মীন পালক ইদ্ৰীছ আলিৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে।

ইদ্ৰীছ আলিয়ে লিজত লোৱা এই বিলত এতিয়া প্ৰতিদিনে মাছ মৰি ওপঙিবলৈ ধৰিছে।ইতিমধ্যে কুইণ্টেলে কুইণ্টেলে মাছৰ মৃত্যু হোৱা দৃশ্যই সূৰ্যৰ তাপৰ প্ৰখৰতাৰ কথাকেই প্ৰতীয়মান কৰিছে।

জানিব পৰামতে বিগত কেইদিনমানৰ পৰা বৰ্তমানলৈকে প্ৰায় ২০/২২ কুইণ্টল মাছ গৰমৰ ফলত মৃত্যু হৈছে। পথাৰত পানী শুকালে মাছ মৰাতো সাধাৰণ কথা যদিও বিলৰ দৰে বহল পানীভাগত এই বৃহৎ পৰিমাণৰ মাছ মৰাতো বিশ্বনাথত সম্ভৱতঃ প্ৰথম ঘটনা।

আজি পাৰাস্তম্ভই ৩৭°চেন্টিগ্ৰেড স্পৰ্শ কৰাৰ বিপৰীতে কাইলৈ ৩৮° চেণ্টিগ্ৰেডৰ ঘৰ স্পৰ্শ কৰিব বুলি দেখুওৱা হৈছে। এনে অৱস্থাত পুনৰ বিলখনত আৰু অধিক যে মাছৰ মৃত্যু হ'ব সেয়া নিশ্চিত।