শোণিতপুৰ

জীয়াভৰলীৰ পাৰৰ ১০০বিঘা মাটিত বৃহৎ কৃষি পাম স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ ১০০বিঘা পৰিত্যক্ত ভূমিত শনিবাৰে এখন বৃহৎ কৃষি পাম স্থাপন কৰা হয় ৷ ‘জীয়াভৰলী বহুমুখী কৃষি পাম’ নামেৰে স্থাপন কৰা  কৃষি পামৰ শুভ উদ্ধোধন কৰে মিচিং সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে ৷

জীয়াভৰলীপৰীয়া মিচিং জনগোষ্ঠীয় ৰাইজৰ সহযোগত তথা বিশিষ্ট সমাজকৰ্মী, যুৱনেতা তথা প্ৰাক্তন সাংবাদিক পদেশ্বৰ মিলিৰ বিশেষ তৎপৰতাত পামখন স্থাপন কৰা হয়। বহুমুখী কৃষি পামখন উদ্ধোধন কৰি কেন্দ্ৰীয় সদস্যগৰাকীয়ে কয় যে এই কৃষি পামখনৰ জৰিয়তে অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ পাব।

ইয়াৰ দ্বাৰা স্বনিৰ্ভৰশীলতাৰ পথ দেখুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হ’ব বুলি মিলিয়ে মন্তব্য কৰে ৷ লগতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামখনৰ উন্নয়নমূখী যাত্ৰা দেখি অভিভূত হোৱাৰ কথা সদৰি কৰে। অনাগত দিনত বিধায়ক পদ্ম হাজৰিকাৰ সহযোগিতা ও সু দিহা-পৰামৰ্শ মিলিয়ে কামনা কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজি সম্পূৰ্ণ মাংগলিক নীতি নিয়মেৰে শুভাৰম্ভ কৰা বৃহৎ কৃষি পামখনৰ মুঠ ভূমিৰ ভিতৰত ৫০বিঘা মাটিত প্ৰাৰম্ভিকভাৱে উন্নত প্ৰজাতিৰ আপেল,বগৰী আদিৰ ৫০০ পুলি ৰোপন কৰা হৈছে। পৰৱৰ্তী সময়ত বোম্বাই লিচু আৰু বিভিন্ন ধৰণৰ উন্নত প্ৰজাতি ফল-মূলৰ পুলিসমূহ ৰোপনৰ পৰিকল্পনা কৰা হৈছে বুলি জীয়াভৰলী বহুমুখী কৃষি পামৰ সভাপতি দ্বীপেন মিলি আৰু সম্পাদক থানেশ্বৰ মিলিয়ে জানিবলৈ দিছে ৷