শোণিতপুৰ

তৌভঙাৰ কাৰেঙ অতিথিশালাত “প্ৰেমৰ জোনাক” শীৰ্ষক গীতৰ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙাৰ কাৰেঙ অতিথিশালাত ‘প্ৰেমৰ জোনাক’ নামৰ এটি ৰোমাণ্টিক গীত ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে কণ্ঠশিল্পী প্ৰকাশ প্ৰধানে। সংবাদসেৱী সঞ্জয় শৰ্ম্মাই আঁত ধৰা অনুষ্ঠানত এই গীতটিৰ শুভ উন্মোচন কৰে ৰঙাপাৰাৰ মিউজিক এণ্ড আৰ্ট কলেজৰ অধ্যক্ষ গকুল চাহাই ।

ৰোমাণ্টিক গীতটিৰ সুৰ আৰু কণ্ঠ প্ৰকাশ প্ৰধানৰ, গীতটি ৰচনা অনন্যা মেধিৰ। একেদৰে সংগীত বিপুল চৌধুৰীৰ লগতে  বিভিন্ন কলা-কুশলীৰ । অনুষ্ঠানটিত গীতটিৰ লগতে vocalist Prakash নামৰ ইউটিউব চেনেলও মুকলি কৰা হয় । উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কবি সাহিত্যিক সমাজকৰ্মী জগত বৰা, মলয়া মেধি,  সাংস্কৃতিক কৰ্ম্মী ভাস্কৰ শইকীয়া আৰু শিক্ষক চুৰজ প্ৰধান আদিয়ে৷