'কংগ্ৰেছ এতিয়া ICU ত আছে'- ৰঞ্জিত দত্ত 
শোণিতপুৰ

'কংগ্ৰেছ এতিয়া ICU ত আছে'- ৰঞ্জিত দত্ত

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ কংগ্ৰেছ এতিয়া ICU ত আছে। কংগ্ৰেছৰ পতাকা লগাবলৈ মানুহ নোহোৱা হৈছে। যদিহে ধুবুৰীত এ আই ইউ ডি এফ জিকে তেন্তে অসমত কংগ্ৰেছ শূন্য হ'ব। মই বিপুল ভোটত শোণিতপুৰৰ পৰা জিকিম।- এই মন্তব্য শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ।

শুকুৰবাৰে শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ খনামুখ ৰঙাজান, কচুবিল, ঘোৰামাৰী, সোনাবিল, বোকাগাঁৱৰ লগতে কেইবাখনো নিৰ্বাচনী সভাত বিজেপিৰ শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰে। তেখেতক সংগ দিয়ে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে।

লগতে বালিপৰাৰ বোকাগাঁৱ নামঘৰলৈ গৈ ৰঞ্জিত দত্তই সেৱা লৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি কয়, মই ৰেকৰ্ড সংখ্যক ভোটত জয়ী হম। আনহাতে উক্ত নিৰ্বাচনী সভাতে বহুকেইজন কংগ্ৰেছী আৰু আপৰ নেতা, কৰ্মীয়ে বিজেপিত যোগদান কৰে।