১৯৪২ ৰ ২০ আগষ্টৰ গৌৰৱোজ্বল ইতিহাস স্মৰণেৰে চতিয়া দিৱস উদযাপন... 
শোণিতপুৰ

১৯৪২ ৰ ২০ আগষ্টৰ গৌৰৱোজ্বল ইতিহাস স্মৰণেৰে চতিয়া দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ চতিয়াৰ ইতিহাসৰ গৌৰৱোজ্বল দিন হিচাবে ২০ আগষ্টত চতিয়া দিৱস উদযাপন কৰা হয় ৷ এই 'চতিয়া দিৱস' য'ত চতিয়াৰ লগতে দেশৰ গৌৰৱোজ্বল ইতিহাস জড়িত হৈ আছে ৷

১৯৪২ চনৰ ২০ আগষ্টৰ দিনটোত স্বাধীনতা সংগ্ৰামত বৃটিছ শাসন ওফৰাই মাতৃভূমিক পৰাধীনতাৰ জিঞ্জিৰিচিঙি মুক্ত কৰাৰ সপোন বুকুত বান্ধি স্বাধীনতা আন্দোলনত দেশৰ ভিতৰতে প্ৰথম ত্ৰিৰংগা উৰুৱাই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল। চতিয়া থানাৰ সেই ঐতিহাসিক মুহূৰ্ত চিৰ জীৱন্ত কৰি ৰাখিবলৈ চতিয়া দিৱস উদযাপিত কৰি আহিছে।

এইবাৰো দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈ যায় চতিয়া দিৱস। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত চতিয়া পৌৰসভা, ৩ নং গাওঁ পঞ্চায়তৰ লগতে বৃহত্তৰ চতিয়াৰ ৰাইজৰ সহযোগত দ্বিতীয় বাৰৰ বাবে উদযাপন কৰা হ’ল 'চতিয়া দিৱস' ৷

ঐতিহাসিক চতিয়া আৰক্ষী থানাৰ প্ৰাংগনত ১৯৪২ চনৰ ২০ আগষ্টৰ গৌৰৱোজ্বল ইতিহাস স্মৰণ কৰি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকে পতাকা উত্তোলন কৰাৰ লগতে বিধায়ক পদ্ম হাজৰিকাই সংগ্ৰামী সেনানীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় ২০ আগষ্টৰ দিনটোৰ ওপৰত এক স্মৃতিচাৰণ সভা ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা তথা চতিয়াৰে সন্তান ড° অশোক কুমাৰ বৰাই নিৰ্দ্দিষ্ট বক্তা আৰু বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সভাত নিমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷

বিধায়ক পদ্ম হাজৰিকাই এই বিশেষ দিনটোক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰিবলৈ অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক চতিয়াবাসী ৰাইজৰ হৈ আহ্বান জনায় ৷