জামুগুৰিহাটৰ ৬৭০ গৰাকী কৃতি শিক্ষাৰ্থীক বিশেষ অভিনন্দন... 
শোণিতপুৰ

জামুগুৰিহাটৰ ৬৭০ গৰাকী কৃতি শিক্ষাৰ্থীক বিশেষ অভিনন্দন...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ বাঁপুজি ভৱনত আজি সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু উন্নতি সভাৰ যৌথ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথৰ উপস্থিতিত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানটিত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ৬৭০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনাৰে আশিৰ্বাদ প্ৰদান কৰা হয়৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি দিয়া ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্ম্মাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনাৰে সুদিহাপৰামৰ্শ আগবঢ়ায়৷ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে প্ৰতিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক একোখনকৈ অভিনন্দন পত্ৰ প্ৰদান কৰি ফুলাম গামোচাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷