শোণিতপুৰ

তৌভঙা প্ৰাথমিক বিদ্যালয়ত সুধাকণ্ঠ সংগীত কলা বিদ্যালয় মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে সুধাকণ্ঠ সংগীত কলা বিদ্যালয় নামেৰে এখন বিদ্যালয় মুকলি কৰা হয়। এই শিক্ষানুষ্ঠানখনত গীত-নৃত্য তথা ভাৰত নাট্যম, সত্ৰীয়া নৃত্য, চিত্ৰাংকন,আদিৰ প্ৰশিক্ষণ দিয়া হ'ব।

বিশিষ্ট সমাজকৰ্মী ক্ষেমৰাজ চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মৰ্ডান ইংলিছ স্কুলৰ প্ৰধান শিক্ষক চুৰজ নেৱাৰ,যুৱ ব্যৱসায়ী গোবিন কাৰ্কী,তৌভঙা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত লিংকু, ছম্প কিডছ স্কুলৰ স্বত্বাধিকাৰী পুষ্পা ঙাতে মিলি,যুৱসমাজকৰ্মী ভাষ্কৰ শইকীয়াই ৷

Vivekananda music & Art collegeৰ অধীনত চলিব লগা “সুধাকণ্ঠ সংগীত কলা বিদ্যালয়”ৰ অনুষ্ঠানৰ এগচি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়খনিৰ অধ্যক্ষ গকুল চাহাই ৷ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰকাশ প্ৰধান অধ্যক্ষৰ দ্বায়িত্বত থকা সুধাকণ্ঠ সংগীত কলা বিদ্যালয়খনিত শিক্ষাৰ্থীসকলক বিভিন্ন বিভাগত প্ৰশিক্ষণ প্ৰদান কৰিব ভাৰত নাট্যম প্ৰশিক্ষক নাছিমা আনজুম,দেৱস্মিতা নাগ,আৰু চিত্ৰশিল্পী অভিজিত ভট্টাচাৰ্যই ৷