শোণিতপুৰ

মেচিনত সোমাই চাহ শ্ৰমিকৰ মৃত্যুঃ ক্ষতিপূৰণ পাব সুখৰাম মুণ্ডাৰ পৰিয়ালে

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰত মেকলিয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ ডফলাগড় চাহ বাগিচাৰ চাহ ফেক্টৰীৰ ড্ৰায়াৰৰ পাংখাত সোমাই সোমবাৰে সুখৰাম মুণ্ডা নামৰ স্থায়ী শ্ৰমিকজন নিহত হয় । এই হৃদয়বিদাৰক ঘটনাৰ পিছতেই মঙলবাৰে বাগিচাখনত উপস্থিত হয় অসম চৰকাৰৰ উপ শ্ৰম আয়ুক্ত তথা মুখ্য বাগিচা পৰিদৰ্শক কণপাই দাস আৰু শোণিতপুৰ জিলাৰ বাগিচাসমূহৰ স্বাস্থ্য পৰিদৰ্শক ডাঃ প্ৰদীপ লহকৰ।

দুৰ্ঘটনা সন্দৰ্ভত শ্ৰম আয়ুক্ত কণপাই দাসে সংবাদ মাধ্যমৰ আগত কয় যে, "কি কাৰণত সুখমন মুণ্ডাৰ ড্ৰায়াৰৰ পাংখাত সোমাই মৃত্যু হ'বলগীয়া হ'ল তাৰ ওপৰত এক চৰকাৰী তদন্ত হ'ব। তদন্তত যদি কাৰোবাৰ গাফিলতি ধৰা পৰে তেন্তে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব।" তদুপৰি সুখমণ মুণ্ডাৰ পত্নীয়ে আইনগতভাৱে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব বুলিও কয় শ্ৰম আয়ুক্ত কণপাই দাসে ।

নিহত সুখমণ মুণ্ডাৰ পত্নীক বাগিচাখনত স্থায়ী শ্ৰমিক হিচাপে নিযুক্তি দিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে, "সুখমণ মুণ্ডাৰ পত্নী আৰু পুত্ৰই যাতে বাগিচাৰ নিয়ম অনুসৰি সকলো সা-সুবিধা লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।" আগলৈ যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে কণপাই দাসে।

উপ শ্ৰম আয়ুক্ত আৰু স্বাস্থ্য পৰিদৰ্শকৰ দলটো প্ৰয়াত সুখমণ মুণ্ডাৰ ঘৰলৈ গৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সুখমন মুণ্ডাৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচা খনত যাতে কোনো ধৰণৰ উত্তপ্ত আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব দিছিল আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰৱিদাসে ।

তদুপৰি এইক্ষেত্ৰত বিশ্বনাথ আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যলয়) কুলেন্দ্ৰ নাথ ডেকা আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই বিশেষ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। যাৰ বাবে বাগিচা খনত সৃষ্টি হোৱা নাই কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ।