শোণিতপুৰ

তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰাংজালী বৈশাগু উৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তেজপুৰঃ বড়ো জনগোষ্ঠীৰ লোকবাদ্য খাম, চিফুঙৰ, চেৰজাৰ সুৰ-তলেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ নিকটৱৰ্তী সৰকা বালিগাঁও। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থাৰ তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰে পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাংজালী বৈশাগু উৎসৱ উপলক্ষে বৃহত্তৰ অঞ্চলটিৰ বড়ো জনগোষ্ঠীৰ ডেকা-গাভৰুৰ কেবাটাও দলৰ পৰম্পৰাগত দলীয় নৃত্যৰে একপ্ৰকাৰ জীপাল হৈ পৰিল সৰকা বালিগাঁৱৰ উদযাপনস্থলী।

ৰাংজালী বৈশাগুৰ এই নানা ৰঙী অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণ প্ৰসংগত বসন্ত ঋতুত পৰম্পৰাগতভাৱে নিজস্ব কৃষ্টি বৈশাগু আয়োজন কৰাৰ এই প্ৰয়াসে নিজৰ কৃষ্টিৰ প্ৰতি সন্মান প্ৰদৰ্শনেই নহয় উঠি অহা প্ৰজন্মৰ বাবেও নিজৰ কৃষ্টি সুৰক্ষিত কৰি ৰখাৰ এক ব্যৱস্থা বুলি মন্তব্য কৰে। এই কৃষ্টিৰ সৈতে জনগোষ্ঠীটোৰ লোকবাদ্য, সাজপাৰ আচাৰ - ৰীতিও সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য কৰি সকলোকে নিজৰ কৃষ্টি-সংস্কৃতিক সন্মান জনাবলৈ আহ্বান জনায়।

পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ অধ্যক্ষ জ্যোতি ৰঞ্জন বড়োৱে আঁত ধৰা আৰু শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্থাৰ মুখ্য প্ৰধান সম্পাদক ইনুছ মোচাহাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ৰাংজালী বৈশাগুৰ এই কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক তথা অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে ৰাজ্যখনত সমন্বয়ৰ বাতাবৰণ গঢ়ি তুলিছে বুলি মন্তব্য কৰি ঐতিহ্য আৰু কৃষ্টিক শ্ৰদ্ধা জনোৱাৰ সমান্তৰালভাৱে কৰ্ম সংস্কৃতিৰ সোপান তৈয়াৰ কৰি সকলোৱে আগবাঢ়ি যাব পাৰিলেহে একোটা জাতি আৰ্থিক ভাৱে টনকিয়াল হ'ব বুলি মন্তব্য কৰে। আনহাতে আৰ্থিকভাৱে টনকিয়াল নোহোৱা জাতিয়ে কেৱল কৃষ্টি সংস্কৃতিৰে আগবাঢ়ি যাব নোৱাৰিব বুলি মন্তব্য কৰি কৰ্মসংস্কৃতিৰে একোটা কৰ্মথ জাতিৰ পৰিচয় দিবলৈ সকলোকে আহ্বান জনায়।

শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা ৰমেন গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা যুগল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়ো, সমাজকৰ্মী কেশৱ বৰুৱা, বাঁহবাৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জিতেন কছাৰী, শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা তথা শিক্ষক শম্ভু বড়ো, সম্পাদক ৰূপজ্যোতি বড়ো, চানচুমা নাৰ্জাৰী আদি উপস্থিত থাকে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথে ভাষণ প্ৰসংগত যিকোনো জাতি-জনগোষ্ঠীৰ ভাষা সাহিত্য, সংস্কৃতি সকলোলৈকে সাম্প্ৰতিক সময়ত অহা প্ৰত্যাহ্বানৰ সময়ত সকলোৱে দায়ৱদ্ধতা প্ৰকাশ নিজ নিজ জাতি সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে। আনহাতে পুৱা বেলা বিশিষ্ট ব্যক্তি সকলক সেৱা জনোৱা অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ চি আই ডি বিভাগৰ সঞ্চালক ড০ ৰাজীৱ দলেই।