তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যাৰ অপচেষ্টাঃ হাস্পতালত ভৰ্তি... 
শোণিতপুৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যাৰ অপচেষ্টাঃ হাস্পতালত ভৰ্তি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী অধ্যাপকে আত্মহত্যাৰ অপচেষ্টা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰ চহৰতে চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে বুধবাৰে পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেকট্ৰনিক এণ্ড কমিউনিকেচনছ ইঞ্জিনীয়াৰিং বিভাগৰ এগৰাকী আমন্ত্ৰিত অধ্যাপকে আত্মহত্যাৰ অপচেষ্টা কৰে।

জানিব পৰা মতে অধ্যাপকজনে পুৱা বিশ্ববিদ্যালয়ৰ কোঠাত পিচ লৈ আত্মহত্যাৰ অপচেষ্টা কৰিছিল। কিন্তু চিপ ল'বলৈ ব্যৱহাৰ কৰা ৰছী চিঙি যোৱাত তেওঁ মজিয়াত বাগৰি পৰে।

ইয়াৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিশ্বনাথ চাৰিআলিৰ এই অধ্যাপকজনৰ সন্দৰ্ভত চিকিৎসকে জনোৱা অনুসৰি বুধবাৰে পুৱা প্ৰায় ৯-৩০ বজাত হীৰণ্য ঠাকুৰ নামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন যুৱকে অধ্যাপকগৰাকীক চিকিৎসালয়লৈ লৈ আনিছিল।

লগত আছিল অধ্যাপকজনৰ অভিভাৱকো। অভিভাৱকে চিকিৎসকক জনোৱা অনুসৰি চিপ ল'বলৈ ব্যৱহাৰ কৰা ৰছী চিঙি পৰাত তওঁ মজিয়াত বাগৰি পৰে। চিকিৎসকে অধ্যাপক জনৰ ডিঙিত দেখিছে সেই ৰছীৰ দাগ। চিকিৎসকে জনোৱা অনুসৰি প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰি তেওঁক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।