শোণিতপুৰ

নিচাযুক্ত টেবলেট খুৱাই নাবালিকাৰে অপকৰ্ম...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালী : নিচাযুক্ত টেবলেট খুৱাই এগৰাকী লম্পটে নাবালিকাৰ লগত সংঘটিত কৰিলে অপকৰ্ম ৷ বিশ্বনাথৰ দিৰিং চাহ বাগিছাৰ ১৩ বছৰীয়া এগৰাকী নাবালিকাৰ লগত এজন লম্পটে জঘন্য কাণ্ড সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

জানিব পৰা মতে তিনিসুঁতিৰ বজাৰত চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকাগৰাকীৰে লম্পটজনে অপকৰ্ম সংঘটিত কৰে। পুৱা সাৰ পাই নাবালিকাগৰাকীয়ে নিজকে বিচনাত উলংগ অৱস্থাত প্ৰত্যক্ষ কৰা লগতে কাষতে শুই থকা অৱস্থাত দিৰিং চাহ বাগিছাৰ কামাল মহানন্দ নামৰ লম্পটটোক দেখা পায়।

উল্লেখ্য যে কামালৰ ঘৰতে থাকি তেঁওলোকৰ গেলামাল আৰু ফাষ্ট ফুডৰ দোকানত বিগত তিনি মাহ ধৰি কাম কৰি আছিল ভুক্তভোগী নাবালিকাগৰাকী। বৃহস্পতিবাৰে বিয়লি তিনিসুঁতি বজাৰত চেণ্ডেল কিনি দিয়াৰ চলেৰে শহুৰেকৰ ঘৰলৈ কামালে লৈ গৈছিল নাবালিকাগৰাকীক ৷

উক্ত নিশাই নিচাজাতীয় টেবলেট সেৱন কৰাই নাবালিকাগৰাকীৰ লগত অপকৰ্ম কৰাৰ অভিযোগ উঠিছে কামাল মহানন্দৰ বিৰুদ্ধে ৷ শুক্ৰবাৰে দিনৰ ভাগত নাবালিকাগৰাকী অসুস্থ হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইয়াৰ পাছতে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে শুক্ৰবাৰে নিশাই বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰে কামাল মহানন্দক।

ইফালে নিশাৰ ভাগত বিশ্বনাথ জিলা চিকিৎসালয়ত নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷ এই সমগ্ৰ ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।