এমাহৰো অধিক দিন ধৰি নিৰুদ্দেশ তেজপুৰ মানসিক চিকিৎসালয়ৰ কৰ্মচাৰী... 
শোণিতপুৰ

এমাহৰো অধিক দিন ধৰি নিৰুদ্দেশ তেজপুৰ মানসিক চিকিৎসালয়ৰ কৰ্মচাৰী...

সাংস্কৃতিক অনুষ্ঠান চাবলৈ গৈ ঘূৰি নাহিল তেওঁ

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ যোৱা এমাহৰো অধিক দিন ধৰি নিৰুদ্দেশ হৈ আছে তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ননিদ্ৰ শৰ্মা। যোৱা ১১ মে'ৰ দিনা সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান চাই নিশা ১০বজাৰ পৰা তেওঁৰ নাইট ডিউটি আছে বুলি পত্নীক অৱগত কৰি আৱাসগৃহৰ পৰা ওলাই গৈছিল। তাৰ পাছৰ পৰাই আজি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই তেওঁ।

ইতিমধ্যে পত্নীৰ লগতে পৰিয়ালবৰ্গই বিচাৰ খোচাৰ কৰিছে যদিও আজি পৰ্য্যন্ত ব্যক্তিজনৰ কোনো সন্ধান নোলোৱাত এতিয়া চিন্তিত হৈ পৰিছে ৰুগীয়া পত্নী উপমা শৰ্মা। স্বামী ঘূৰি আহিব বুলি তেজপুৰৰ ভাড়াঘৰতে থাকি বাট চাই চাই দিন অতিবাহিত কৰা পত্নীয়ে এতিয়া আশ্ৰয় গ্ৰহণ কৰিছেহি জামুগুৰিহাটৰ পানপুৰত থকা মাতৃৰ গৃহত।

স্বামী ননিন্দ্ৰ শৰ্ম্মাৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে তেজপুৰ সদৰ থানাত পত্নীয়ে এজাহাৰ দাখিল কৰিছে৷ কোনো সদাশয় লোকে তেওঁৰ স্বামীৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পত্নী উপমা শৰ্ম্মাই।