শোণিতপুৰ

চকীঘাটত চুইফট বাহনে মহতিয়াই নিলে দুটাকৈ গৰু

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ চকীঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত বেগী (মাৰুতি চুইফটে) বাহনে মহতিয়াই নিয়ে দুটাকৈ গৰু।

জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS -32-B- 2427 নম্বৰৰ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ গৰু মহতিয়াই নিয়ে। ফলত এটা গৰু থিতাতে নিহত হয় আৰু আনটো আঘাতপ্ৰাপ্ত হয়।

উক্ত দুৰ্ঘটনাত বাহনখনৰ সন্মুখৰভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। জামুগুৰিহাটৰ চকীঘাট দলংৰ পৰা মাধৱগাঁৱৰ উৰণসেতু পৰ্যন্ত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী গাড়ী, মটৰচাইকেলে নিতৌ সংঘটিত কৰি আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা।

বৰ্তমানলৈকে ১০জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি এক সূত্ৰত প্ৰকাশ। ইয়াৰোপৰি বহুলোক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিবলৈ দিয়ে ৷