শোণিতপুৰ

বিহালীৰ বিহমাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালী : বিহালীৰ বিহমাৰী, বৰাজুলী, বেদেতী, শিয়ালমাৰী আদি অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে । শতাধিক বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে এই অঞ্চলৰ খেতিয়ক ৰাইজৰ।

কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় শতাধিক বনৰীয়া হাতীৰ জাকে আবেলি পৰৰ পৰা ওৰে নিশা তাণ্ডৱ চলাই তহিলং কৰিলে শ শ বিঘা ধাননি পথাৰৰ ধান খেতি। কপালৰ ঘাম মাটিত পেলাই খেতি কৰা ধাননি পথাৰত বনৰীয়া হাতীৰ জাকে নষ্ট কৰি পেলোৱাত মূৰে কপালে হাত দিছে খেতিয়ক ৰাইজে।

গোটেই ৰাতি স্থানীয় ৰাইজে হাতী খেদাত ব্যস্ত হৈ থকাৰ বিপৰীতে নিদ্ৰামগ্ন হৈ থকাৰ অভিযোগ তুলিছে বন বিভাগক । এই ক্ষেত্ৰত চৰকাৰ আৰু বন বিভাগৰ লোকক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে।