অসম

হাটশিঙিমাৰী প্ৰেক্ষাগৃহত খেল মহাৰণক লৈ জিলা ভিত্তিক আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অহা ১ নবেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া খেল মহাৰণৰ বাবে হাটশিঙিমাৰীত শুকুৰবাৰে জিলা ভিত্তিক আলোচনা সভা অনুষ্ঠিত কৰা হয়। দিনৰ ১১ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় আলোচনা সভা।

আলোচনা সভাত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ, জিলা অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাব, ড০ হিতেশ মজুমদাৰ, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা, মহকুমা ক্ৰীড়া বিষয়া, জিতুমণি বৰুৱা, মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, মানকাচৰ খণ্ড উন্নয়ন বিষয়া কৌস্তৱ দাস, জিলা সহকাৰী আয়ুক্ত ইন্দ্ৰজিত দাস আৰু দৈথন ওৱাৰীৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকল, গাঁও প্ৰধানসকল আৰু পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত আছিল। মুঠ পাঁচটা খেলক লৈ ৰাজ্যিক ভিত্তিক খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব।

খেল সমূহ হৈছে-এথলেটিক্স, ফুটবল, ভলিবল, কাবাডী আৰু খ'খ' খেল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত খ'খ' খেলৰ প্ৰভাৱ নথকাৰ বাবে জিলাখনত চাৰিখন খেলক লৈ এই খেল মহাৰণ অনুষ্ঠিত কৰাৰ বাবে আলোচনা সভাৰ জৰিয়তে পৰিকল্পনা প্ৰস্তুত কৰা হয়। খেল মহাৰণৰ সময়সূচী মতে, জিলাখনত অহা ১ নবেম্বৰৰ পৰা ১৫ নবেম্বৰলৈ প্ৰতিখন গাঁৱৰ পৰা খেলৰ বাবে এটাকৈ দল প্ৰস্তুত কৰি গাওঁ পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

গাওঁ পৰ্যায়ত নিৰ্বাচিত হোৱা খেলুৱৈৰ দলসমূহ ১৬ নবেম্বৰ পৰা ২৬ নবেম্বৰলৈ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। পঞ্চায়ত পৰ্যায়ত বাছনি কৰা দল সমূহক লৈ ২৭ নবেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ সমষ্টি পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। একেদৰে ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ জিলা পৰ্যায়ত উন্নীত হ’বলৈ প্ৰতিযোগিতাৰ প্ৰস্তুতি অনুষ্ঠিত কৰা হ’ব । আনহাতে ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ জিলা পৰ্যায়ত খেল মহাৰণ অনুষ্ঠিত কৰাৰ পাচত ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা কৰিবলৈ ২৬ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ প্ৰস্তুতি লোৱা হ’ব। এই দুমাহজোৰা জিলা ভিত্তীক খেল মহাৰণৰ পাচত ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।