অসম

পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকালৈ বিশেষ সন্মান

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই লাভ কৰিছে বিশেষ সন্মান । ৰাষ্ট্ৰীয় পৰ্যায়ত এইবাৰ উজ্বলি উঠিছে শিক্ষাবিদগৰাকী ।

বাঙ্গালোৰৰ 'দ্যা একাডেমিক ইনচাইটছ্' নামৰ ৰাষ্ট্ৰীয় শৈক্ষিক আলোচনীখনে ২০২৪ বৰ্ষৰ বাবে সমগ্ৰ ভাৰতৰ ২৫ গৰাকী শিক্ষাবিদৰ বাচনি তালিকাত সন্নিবিষ্ট কৰিছে পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ নাম । 'অতি অনুপ্ৰেৰণামূলক শৈক্ষিক নেতা' হিচাপে ভবেন্দ্ৰনাথ ডেকাৰ লগতে আন ২৪ গৰাকী ভিন্ন বিশ্ববিদ্যালয়ৰ আচাৰ্যক প্ৰদান কৰিছে এই সন্মান ।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়হে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । যি খবৰে এতিয়া উৎসাহিত কৰি তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ।

উল্লেখ্য যে,চলিত বৰ্ষৰ শেষান্তত বাঙ্গালোৰত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই ২৫ গৰাকী শিক্ষাবিদক স্বীকৃতি আৰু সন্মান প্ৰদান কৰাৰ উপৰিও তেওঁলোকৰ দক্ষতা, বিচক্ষণতা আৰু কৰ্মৰত অনুষ্ঠানটিৰ যশ-খ্যাতি সেই বিশেষ আলোচনীখনত প্ৰকাশ কৰা হ'ব ।