অসম

মোৰ দেশ-মোৰ মাটি কাৰ্য্যসূচী সফল ৰূপায়ণৰ বাবে মানকাচৰ জিলা প্ৰশাসনৰ বিশেষ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : স্বাধীনতাৰ শতবৰ্ষলৈকে 'অমৃত কাল' হিচাপে চিহ্নিত কৰি ভাৰত চৰকাৰে সমগ্ৰ দেশ জুৰি মোৰ মাটি মোৰ দেশ কাৰ্যসূচী হাতত লৈছে। অহা ২০ ছেপ্টেম্বৰৰ পৰা ২৮ অক্টোবৰলৈ অমৃত কলহ যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

সেয়ে এই কাৰ্য্যসূচী সফল ৰূপায়ণৰ বাবে মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয়। মংলবাৰে হাটশিঙিমাৰী জিলা প্ৰেক্ষাগৃহত সভাখন অনুষ্ঠিত কৰা হয়।

এই সভাত পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে জিলা আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, অসম সংখ্যালঘু বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ জাবেদ ইছলাম, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ প্ৰমুখ্যে কেবাগৰাকী জিলা অতিৰিক্ত আয়ুক্ত উপস্থিত থাকে। সভাত উপস্থিত বিষয়ববীয়াসকলে বিষয় সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে, ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ দেশৰ প্ৰতিখন গাওঁ অথবা ৱাৰ্ডৰ প্ৰতিঘৰৰ পৰা এমুঠিকৈ মাটি অথবা চাউল সংগ্ৰহ কৰা হ’ব। ২ অক্টোবৰত উক্ত মাটিখিনি দেশৰ প্ৰতিটো গাওঁ পঞ্চায়ত অথবা পৌৰ কাৰ্যালয়ত শোভাযাত্ৰাৰ জৰিয়তে জমা কৰা হ’ব।

আনহাতে ৮ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ প্ৰতিখন গাওঁ পঞ্চায়ত আৰু ৱাৰ্ডৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি মৰ্যদা সহকাৰে অমৃত কলহ প্ৰেৰণ কৰা হ’ব। ২৫ অক্টোবৰত উন্নয়ন খণ্ড আৰু পৌৰ কাৰ্যালয়ত ইতিমধ্যো সংগৃহীত পবিত্ৰ মাটিৰে পূৰ্ণ পিতলৰ দুটা কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব।

২৬ অক্টোবৰত কলাক্ষেত্ৰত কলহ দুটা সংগ্ৰহ কৰাৰ পাচত ২৭০ যোৰ কলহৰ পৰা ২৭০ টা কলহ নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। একেদৰে ২৮ অক্টোবৰত নতুন দিল্লীত কলহসমূহ অসম ভৱনত সংৰক্ষণ কৰা হ’ব।

ইয়াৰ পাচত এই পবিত্ৰ ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নিৰ্মীয়মাণ অমৃত উদ্যানস্থলীলৈ নিয়া হ’ব।