- মৃদুল কুমাৰ সন্দিকৈ
জনগোষ্ঠীয় সমস্যা, অতীত, বৰ্তমান আৰু ভৱিষ্যতক প্ৰণালীবদ্ধভাৱে তুলি ধৰা মানুহজন গ'ল । দীৰ্ঘ দিনৰ অসুস্থতাৰ অন্তত ৭ মাৰ্চ, ২০২৩ৰ পুৱা আহিল এই দুখবৰ । ১৯৪৫ চনৰ ২৭ এপ্ৰিলত শ্বিলঙত জন্ম গ্ৰহণ কৰিছিল ইন্দিবৰ দেউৰীয়ে । তেঁওৰ পিতৃৰ নাম আছিল ভীমবৰ দেউৰী আৰু মাতৃৰ নাম আছিল কমলাৱতী দেউৰী । শিৱসাগৰৰ পানীদিহিং মৌজাৰ ৰজাবাৰী খনাজান দেউৰী গাঁৱত আছিল তেঁওৰ পিতৃগৃহ ।
ইন্দিবৰ দেউৰীৰ অতি সুক্ষ্মভাৱে অসমৰ জনগোষ্ঠীয় লোকসকলৰ সমস্যা, ইয়াৰ সমাধানৰ পথ তুলি ধৰিছিল । তেঁওৰ লেখা সমূহত আছিল জনগোষ্ঠীগত চেতনা আৰু ইতিহাসৰ চৰ্চা । এই ধাৰাৰে তেওঁ যিবোৰ লেখা লেখিছিল সেই লেখাবোৰত অনাগ্ৰসৰ জনগোষ্ঠীসমূহৰ প্ৰতিষ্ঠা লাভৰ বাবে কৰণীয় বস্তুনিষ্ঠ মূল্যায়ন আছিল । ইন্দিবৰ দেউৰীয়ে বুজি পাইছিল জনগোষ্ঠীসমূহৰ সমস্যাক সঠিকভাৱে তুলি নধৰিলে অসমীয়া জাতিসত্বা প্ৰতিষ্ঠা সম্ভৱ নহয় । স্বাধিকাৰ, চেতনাৰ উন্মেষণ ঘটাৰ সময়তেই শোষিত, বঞ্চিত জনগোষ্ঠীসমূহৰ আন্দোলনক শাসক, শোষক গোষ্ঠীয়ে মষিমূৰ কৰিবলৈ সদায়েই চেষ্টা কৰি আহিছে । ইয়াৰ বিৰুদ্ধে এক প্ৰগতিশীল কন্ঠ আছিল ইন্দিবৰ দেউৰী ।
ৰক্ষণশীল, বৈষম্যপূৰ্ণ স্থিতাৱস্থাৰ নৱলব্ধ চেতনাক তেঁও লেখাৰ মাজেৰেই মানুহৰ মাজলৈ লৈ গৈছিল । সংগ্ৰামী ঐতিহ্যক প্ৰণালীবদ্ধভাৱে তুলি ধৰাৰ বাবে তেঁও কৰা অধ্যয়নে অসমৰ জনগোষ্ঠীসমূহক মূল্যায়নৰ এক নতুন পথ মুকলি কৰিছিল । ১৯৫০ চনত শ্বিলঙতেই প্ৰাইমেৰী শিক্ষা গ্ৰহণ কৰা ইন্দিবৰ দেউৰীয়ে শিৱসাগৰ আৰু কোকৰাঝাৰতো স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ।
১৯৫৪ চনৰ পৰা ১৯৫৫ চনলৈ তেঁও অধ্যয়ণ কৰিছিল চৈখোৱা মধ্য ইংৰাজী বিদ্যালয়ত । কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থাকোতেই তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল । ১৯৬০ চনৰ পৰা ১৯৬২ চনলৈ তেঁও চিকিৎসাধীন হৈ আছিল শ্বিলঙৰ ৰীড চেষ্ট হস্পিতালত । ১৯৬৩ চনত তেঁও প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ডিব্ৰুগড়ৰ পৰা পৰীক্ষা দিছিল । সেই পৰীক্ষাত তেঁও প্ৰথম বিভাগ লাভ কৰিছিল । তাৰ পাছত ১৯৬৩ৰ পৰা ১৯৬৭ চনলৈ ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা গ্ৰহন কৰে ।
১৯৬৭ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে এলাহবাদ ইউনিভাৰ্ছিটিলৈ ৰাওনা হয় । ডিব্ৰুগড় চৰকাৰী বালিকা বিদ্যালয়ত ইংৰাজী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ইন্দিবৰ দেউৰীয়ে সেই বছৰেই আই এ এছ আৰু এলাইট চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৬৯ চনৰ ১৫ চেপ্টেম্বৰত তেওঁ ভাৰতীয় ডাক সেৱাত যোগদান কৰে । দুবছৰ প্ৰশিক্ষণৰ অন্তত ১৯৭১ চনত তেওঁ দক্ষিণ কলকাতাৰ ডাক সংমণ্ডলত জ্যেষ্ঠ অধীক্ষক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল । কলকাতা, জলপাইগুৰি, গুৱাহাটী, লক্ষ্নৌ, গোৰখপুৰ, শ্বিলং, ইটানগৰ আদি বিভিন্ন ঠাইত ডাক বিভাগৰ জ্যেষ্ঠ বিষয়া হিচাপে সেৱা আগবঢ়াই ।
দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউত অৱ পাব্লিক এডমিনিষ্ট্ৰেছনত এবছৰ অধ্যয়ন কৰি ১৯৮৭ চনত তেঁও জাপান, দক্ষিন কোৰিয়া আৰু হংকঙৰ প্ৰশাসন আৰু উদ্যোগিক খণ্ডৰ ওপৰত অধ্যয়ণৰ সুযোগ লাভ কৰে । ১৯৮৮ চনত তেঁও পাটনাৰ ডাক বিভাগৰ তদাৰকী সঞ্চালক হিচাপে যোগ দিয়ে । তাৰ পাছতে তেঁও বেংককস্থিত আন্তৰ্জাতিক প্ৰতিষ্ঠান এছিয়ান পেছিফিক গাষ্টিন কলেজত শিক্ষকতাও কৰিছিল । ১৯৯২ চনত তেঁও পোষ্ট মাষ্টাৰ জেনেৰেল হিচাপে পদন্নোতী লাভ কৰে । এই পদন্নোতীসহ গুৱাহাটীত যোগ দি ১৯৯৫ চনত চীফ পোষ্ট মাষ্টাৰ জেনেৰেল পদলৈ পদন্নোতী লাভ কৰে । ১৯৯৮ চনত তেঁও ইউ এন ডি পিৰ বৃটিছ কাউঞ্চিলৰ ফেল'শ্বিপ লাভ কৰি লণ্ডণ আৰু বাৰ্মিংহামত বৃটিছ প্ৰশাসনৰ ব্যৱস্থা বিষয়ত অধ্যয়নৰ সুযোগ পাই । ১৯৯৮ চনত দেউৰীয়ে ডাক বিভাগৰ চীফ ভিজিলেঞ্চ বিষয়া হিচাপে যোগদান কৰে । ২০০০ চনত তেঁও স্বেচ্ছামূলক ভাৱে অৱসৰ গ্ৰহণ কৰি লিখা মেলাত মন দিয়ে ।
১৯৭৮ চনত নিৰ্মালী ব্ৰহ্মৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ইন্দিবৰ দেউৰীৰ একমাত্ৰ কন্যা প্ৰাচী দেউৰী । তেওঁ বৰ্তমান দিল্লীৰ হংসৰাজ কলেজৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা । অসমৰ বহু কাকত আলোচনীত নিয়মীয়াকৈ ৬ টা দশকৰো অধিক কাল লেখা মেলা কৰা ইন্দিবৰ দেউৰী নতুন পদাতিক নামৰ আলোচনী খনৰ সম্পাদনা সমিতিৰ সদস্য আছিল । ইন্দিবৰ দেউৰী আছিল এজন নীৰৱ সাধক । ডাক বিভাগত এনে উচ্চ পদবীত অধিষ্ঠিত হোৱা দেউৰীয়েই সম্ভৱত প্ৰথমজন অসমীয়া । ইন্দিবৰ দেউৰীয়ে ভালদৰে জানিছিল শাসক গোষ্ঠী আৰু মধ্যবিত্ত শ্ৰেণীৰ বিপৰীতে জনগোষ্ঠীসকলৰ প্ৰাপ্য আন্দোলনক জোৰদাৰ কৰিবলৈ সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰিব লাগিব ।
জনগোষ্ঠীসকলৰ মাজত পাৰস্পৰিক সংঘাতে সেই সুযোগ নষ্ট কৰিব । জনগোষ্ঠীসকলক স্বায়ত্তশাসনৰ কিমান প্ৰয়োজন আৰু তেঁওলোকক ৰাজনৈতিক অধিকাৰ কিয় লাগে সেই কথা ইন্দিবৰ দেউৰীয়ে নিৰৱিচ্ছিন্নভাৱে লিখিছিল । অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ওপৰত তেঁওৰ আছিল বিষদ অধ্যয়ণ, ইতিবাচক দৃষ্টিকোণ সেয়েহে তেঁও সংবেদনশীল হৈ এই কথাবোৰ লেখাত স্থান দিছিল । অসমীয়া ভাষা, সংস্কৃতি বুজি পোৱা সমাজৰ লগত জনগোষ্ঠী সকলৰ ভাষা সংস্কৃতিৰ কিছু সংবদ্ধ আৰু সংহতিৰ মাজেৰে হোৱা বিকাশক তেঁও গুৰুত্ব দিছিল । অসমৰ জনগোষ্ঠীগত সমস্যাৰ সমাধানৰ প্ৰশ্নটোৰ লগত জনগাঠনি কিদৰে গুৰুত্বপূৰ্ণ সেই কথা তেঁও উপলব্ধ কৰিছিল । তেঁওৰ বহু লেখা আজিও গ্ৰন্থ ৰূপে প্ৰকাশ পোৱা নাই । তেঁওৰ এখন অতি উল্লেখযোগ্য গ্ৰন্থ "জনগোষ্ঠীয় সমস্যা : অতীত, বৰ্তমান, ভৱিষ্যত " । ইন্দিবৰ দেউৰীৰ বিদায়ৰ লগে লগে এই ধাৰাত একনিষ্ঠ আৰু ধাৰাবাহিকভাৱে অধ্যয়ন কৰা আৰু সমস্যামসূহক সঠিকভাৱে তুলি ধৰা এক পৰিক্ৰমাৰ অন্ত পৰিল ।