অসম

ঢেকীয়াজুলি শিক্ষাখণ্ডৰ শিক্ষক আৰু বিষয়া কৰ্মচাৰীৰ উদ্যোগত বসন্ত উৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢেকেয়াজুলিঃ ঢেকীয়াজুলি শিক্ষাখণ্ডৰ শিক্ষক আৰু বিষয়া কৰ্মচাৰীৰ উদ্যোগত ঢেকীয়াজুলা শ্বহীদ ময়দান প্ৰাঙ্গণত উলহমালহেৰে উদযাপন কৰা হয় বসন্ত উৎসৱ ৷ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অধীনৰ প্ৰাথমিক ;মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ৫০০খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই বসন্ত উৎসৱত।

ঢেকীয়াজুলি শিক্ষাখণ্ডৰ শিক্ষক আৰু বিষয়া কৰ্মচাৰীসকলে সন্মিলিতভাৱে সৰ্বপ্ৰথমবাৰৰ বাবে উদযাপন কৰা বসন্ত উংসৱটি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰদৰ্শন কৰা বাৰেৰহণীয়া সাংস্কৃতিক ন্‌ত্য গীতৰে জীপাল হৈ পৰে অনুষ্ঠানটি। পুৱা ১০বজাত পতকা উত্তোলন কৰে বসন্ত উৎসৱ উদযাপন সমিতিৰ সভানেত্ৰী নাজিমা চুলতানাই ৷

স্মৃতি তৰ্পণ অনুষ্ঠানৰৰ পিছতেই অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ ৷ বিহু হুচৰি, বৈশাগু, ঝুমুৰ ৰাভা আদি বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ সন্ধিয়া হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শোণিতপুৰ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৰবী শইকীয়া কৰন, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্তশিক্ষা বিভাগৰ কবিতা কাকতী কোৱঁৰ আৰু বৰছলাৰ বিধায়ক গনেশ লিম্বু ৷