অসম

আজি হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব নামঘৰ-মন্দিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে হিন্দু-সনাতনী ধৰ্মৰলোকে পালন কৰিব শ্রীশ্রীকৃষ্ণৰ জন্মাষ্টমী। ভগৱান প্রভুৰ জন্মদিনক লৈ পুৱাৰ পৰাই ব্যস্ততা বাঢ়িছে অধ্যাত্মিক উপাসনাৰ থল নামঘৰ-মন্দিৰত।

আন আন প্ৰান্তৰ দৰে ৰাজ্যজুৰি জন্মাষ্টমীক লৈ ব্যাপক প্রস্তুতি দেখিবলৈ পোৱা গৈছে। নামঘৰে নামঘৰে নাম-প্ৰসঙ্গৰ আয়োজনৰ সমান্তৰালভাবে বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতিও চলিছে। শ্রীশ্রীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে নিশালৈ ৰাজ্যৰ প্ৰতিটো নামঘৰ প্ৰাংগন মুখৰিত হ'ব হৰি নামৰ ধ্বনিত।