অসম

শ্ৰীশ্ৰী মায়ামৰা গড়পৰা সত্ৰত শৰণ পৰ্ব...

Asomiya Pratidin

ডিজিটেল সংবাদ,চাবুৱা: আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা ধৰ্মীয় পৰম্পৰাৰ অন্যতম বৈশিষ্ট হৈছে শৰণ লোৱা পৰ্ব। এক নিৰ্দিষ্ট সময়ত সকলো মায়ামৰা ধৰ্মৰ পুৰুষ-মহিলাই সত্ৰৰ সত্ৰাধিকাৰৰ অধীনত পৱিত্ৰ শৰণ গ্ৰহন কৰে।

সোমবাৰে এনে পৰম্পৰা ৰক্ষা কৰিয়েই চাবুৱাৰ শ্ৰীশ্ৰী গড়পৰা সত্ৰত প্ৰায় ৪শতাধিক পুৰুষ-মহিলাই একেলগে শৰণ গ্ৰহণ কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৮০৬ চনতে প্ৰতিষ্ঠা কৰা হৈছিল ঐতিহাসিক গড়পৰা সত্ৰ।

এই সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী চিদানন্দ দেৱগোস্বামীদেৱে বৃহত্তৰ চাবুৱা অঞ্চলৰ ৫ খন গাঁৱৰ প্ৰায়  ৪০০ গৰাকী পুৰুষ মহিলা (২০০ গৰাকী পুৰুষ ২০০ গৰাকী  মহিলা)ক এক দৃষ্টিনন্দন পৰিৱেশত শৰণ প্ৰদান কৰে।

এক আধ্যাত্মিক পৰিৱেশত মায়ামৰা ধৰ্মীয় পৰম্পৰা অনুসৰি আয়োজিত এই  পৱিত্ৰ শৰণ পৰ্বত ভালেসংখ্যক পুৰুষ-মহিলা উপস্থিত থাকে। উল্লেখযোগ্য যে শৰণ গ্ৰহণ কৰা ভক্তসকলে ধৰ্মীয় কাৰণত এটি গুৰু প্ৰদত্ত নাম লাভ কৰে বুলি জনবিশ্বাস আছে।

ভগৱন্তৰ সহস্ৰ নামৰ একোটি নাম সত্ৰাধিকাৰে শৰণ গ্ৰহনৰ সময়ত প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত "নাম-জাননী" নামৰ এটি অনুষ্ঠানৰ  আয়োজন কৰি এই নাম‌সমূহ পাছত ৰাইজৰ সন্মুখত ৰাজহুৱা কৰি দিয়া হয়। এনেদৰেই আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত মায়ামৰা ধৰ্মীয় ৰীতি যুগ যুগৰ পৰা সকলো জাতি-জনগোষ্ঠীৰ লোকে গ্ৰহণ কৰি আহিছে।