অসম

লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াৰ হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ সমন্বয় ক্ষেত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়া: মাজত মাথোঁ ১১ দিন ।‌ ৰঙিয়াৰ মৰাণ জনা হাতীখলা পথাৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনখনি অহা ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

ইতিমধ্যেই অধিবেশনৰ বাবে সকলো ভকত বৈষ্ণৱ আৰু আইমাতৃসকলৰ উপৰিও যুৱসেৱা বাহিনীসকল দিনে নিশাই ব্যস্ত হৈ পৰা সমন্বয় ক্ষেত্ৰৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে । উল্লেখ্য যে কেইবাটাও মাহ ধৰি মৰাণজনাৰ হাতীখলা পথাৰত দৈনিক ভকত সেৱক সকলে নিৰ্মাণ কৰি থকা অস্থায়ী নামঘৰটো ২৭ জানুৱাৰীত মুকলি কৰা হয় ।

অস্থায়ী নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠাত মুকলি কৰিছিল পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। জাতি মাটি ভেটি ৰক্ষাৰে অসমৰ এক সৰ্ববৃহৎ অনুষ্ঠান এই অধিবেশনখনে আগন্তুক দিনত বিশ্বদৰবাৰত চানেকিৰে প্ৰতিষ্ঠিত হব বুলি পদাধিকাৰ গৰাকীয়ে আশা প্ৰকাশ কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমন্বয়ৰ বাট বুলিবলৈ আহিবলগীয়া অধিবেশনত প্ৰায় ৬০ লাখৰো অধিক ভকত বৈষ্ণৱ আৰু আইমাতৃসকল আহি ভিৰ কৰিব বুলি নামঘৰৰ ভকতগৰাকীয়ে প্ৰকাশ কৰে ।

ইতিমধ্যেই অধিবেশনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা যাতায়তৰ পথ, আপ্যায়নৰ বাবে ভঁৰালৰ সা- সামগ্ৰী আদি প্ৰায় সাজু হৈছে । তাৰ মাজতে অধিবেশনৰ মুখ্য প্ৰৱেশদ্বাৰত ২০ ফুট উচ্চতাৰ শ্ৰীমন্ত শংকৰদেৱৰ দুখন তৈলচিত্ৰ স্থাপন কৰা হব বুলি প্ৰদৰ্শনীৰ উপ সমিতিৰ সভাপতি ধৰণীধৰ দাসে জানিবলৈ দিয়ে ।

চিত্ৰশিল্পী ৰিন্টু খাৰঘৰীয়াই অংকন কৰা ২০ ফুট উচ্চতাৰ তৈলচিত্ৰ দুখন যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ৰাজেশ্বৰ শইকীয়াই অধিবেশনৰ বাবে আগবঢ়াইছে । তাৰোপৰি অধিবেশনৰ স্থলীৰ প্ৰৱেশৰ কাষতে এখনি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী মেলাও সাজু কৰি তোলা হৈছে । বাণিজ্য মেলাৰ বাবে ১,০১৩ খন বিপনী ৰখা হৈছে ।

প্ৰতিখন বিপনীৰ বাবে ৫ হাজাৰ টকা আদৰণি সমিতিয়ে নিৰ্ধাৰণ কৰিছে। প্ৰতিটো স্থলত লাইট,ডেকাৰেচন আটকধুনীয়াকৈ সজাই তুলিবলৈ লোৱা ৰেখা প্ৰকাশন, কল্পতৰু প্ৰকাশন,অসম প্ৰকাশন পৰিষদকে ধৰি ৭০০খন বিপনী ইতিমধ্যেই বুকিং হৈছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰপৰা বিনামূলীয়া বিপনীৰ ব্যৱস্থা ৰখা হয় । প্ৰদৰ্শনস্থলীত ভক্তি প্ৰাণলোকৰ উপস্থিতিৰ লগতে জিৰণি লোৱাৰ ব্যৱস্থা ৰখা হয় । আনহাতে বাণিজ্য মেলাৰ বাবে অধিবেশনত ১হাজাৰ ষ্টল ৰখা হয় ।

মহাভাৰতৰ অভিমন্যুৰ চক্ৰবেহু ৰচনাৰাজিৰ প্ৰদৰ্শন অধিবেশনত প্ৰদৰ্শিত হ'ব । চক্ৰবেহুৰ সামগ্ৰীক পৰিচালনা এন এফ ৰেলৱেৰ পৰা আগবঢ়াইছে বুলি উল্লেখ কৰে । আনহাতে অধিবেশনস্থলীলৈ অহা লক্ষ লক্ষ ভকত, বৈষ্ণৱ আৰু আইমাতৃসকলক তিনিদিন ধৰি আপ্যায়ন কৰাৰ বাবে থলুৱা খাদ্যৰে উৎপাদিত শস্যৰ খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰাৰ বাবে অধিবেশনৰ আদৰণী সমিতিৰ খাদ্য যোগান সমিতিৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৰঙিয়াৰে সমীপৰ চিকনীবাৰী কৃষি পামত ১০০ বিঘা মাটিৰে আলু খেতিৰ লগতে কবি,গাজৰ,মূলা,ধনীয়া,মটৰ,লাও, বেঙেনা,বিলাহী আদিৰ খেতি কৰা হয়। তাৰ বাবে ৰন্ধনৰ বাবে বৰলেছাকোণাৰ মছজিদ কমিটিয়ে এক ট্ৰাক খৰিৰ লগতে গাঁৱৰ দান বৰঙণিৰে আগবঢ়োৱা কাঠৰ খৰিৰ ব্যৱস্থা কৰা হোৱাৰ উপৰিও ৩৫০ টা চৌকাৰ জুইৰে ভকত, বৈষ্ণৱ আৰু আইমাতৃসকল তথা ভক্তি প্ৰাণলোকক ভোজনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।