অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে আগবঢ়াব শৈক্ষিক বৃত্তি, জানক সবিশেষ

অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে আগবঢ়াব শৈক্ষিক বৃত্তি, জানক সবিশেষ

author-image
Asomiya Pratidin
New Update
অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে আগবঢ়াব শৈক্ষিক বৃত্তি, জানক সবিশেষ

ডিজিটেল ডেস্ক : ৰাজ্যৰ লাভ লাভ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব শৈক্ষিক বৃত্তি। ২০২৪-২৫ বৰ্ষৰ বাবে প্ৰদান কৰিব লগা এই বৃত্তিত ধাৰ্য কৰা হৈছে একাধিক নিয়ম।

সংশ্লিষ্ট বিভাগে ৰাজহুৱা কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পাছৰ উচ্চ শিক্ষা গ্ৰহণ কৰা অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলে এই সুবিধা লাভ কৰিব। শৈক্ষিক বৃত্তি লাভৰ বাবে শিক্ষাৰ্থীসকলে NATIONAL SCHOLARSHIP PORTAL (NSP)ৰ www.scholarships.gov.in ত গৈ সবিশেষ জানিব পাৰিব।

এই নিৰ্দিষ্ট ৱেবচাইটটোত সকলো নীতি-নিয়ম উল্লেখ আছে। প্ৰাক মেট্ৰিকৰ শিক্ষাৰ্থীসকলে অনলাইনযোগে কৰিব লগা আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট ২০২৪। মেট্ৰিকৰ পাছৰ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ আবেদনৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ ২০২৪।

আনহাতে প্ৰাক মেট্ৰিক অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কৰা আবেদন নডেল বিষয়াৰ পুনৰীক্ষণৰ অন্তিম তাৰিখ ১৫ চেপ্তেম্বৰ। ইয়াৰোপৰি মেট্ৰিকৰ পাছৰ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ আবেদন পুনৰীক্ষণৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ ২০২৪। সেয়ে ইয়াৰ পূৰ্বেই শিক্ষাৰ্থীসকলে উল্লেখিত ৱেবচাইটত সবিশেষ জানিব পাৰিব।

উল্লেখযোগ্য যে চৰকাৰী অথবা প্ৰদেশীকৃত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপৰি চিকিৎসা আৰু কাৰিকৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব বুলি বিজ্ঞপ্তিত উল্লেখ আছে।

বিজ্ঞপ্তিত উল্লেখ কৰা নিয়মসমূহ তলত উল্লেখ কৰা হ’ল-

১) প্ৰি- মেট্ৰিক স্কলাৰশ্বিপ নৱম- দশমৰ শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় ২.৫০ লাখ হ’ব লাগিব। তেতিয়াহে যোগ্য বুলি বিবেচিত হ’ব।

২) মেট্ৰিকৰ পাছত উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় ২.৫০ লাখ হ’ব লাগিব। তেতিয়াহে যোগ্য বুলি বিবেচিত হ’ব।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত সাৰ অভিমুখী পাঠ্যক্ৰম সম্পন্ন