অসম

ডাম্পাৰ,মালবাহী ট্ৰাকৰ অতপালি ! ননৰাত তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিয়াৰ ফলত প্ৰাণ গ'ল ছাত্ৰৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ননৰাৰ অৰ্জুন তলত মঙলবাৰে সংঘটিত এটা পথ দুৰ্ঘটনাত এজন দশম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু হয়। নিহত ছাত্ৰগৰাকীয়ে বাইহাটা চাৰিআলিৰ কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত আছিল।

জানিব পৰামতে, ছাত্ৰগৰাকী বাইহাটা চাৰিআলি গোৰেশ্বৰ গড়কাপ্তানী পথেৰে চাইকেল চলাই বিদ্যালয়ত গৈ থকা অৱস্থাত এচ ০১ ডি ডি ৩৩৬৭ নম্বৰৰ চিমেণ্টভৰ্তি ট্ৰাক এখনে ছাত্ৰজনক পিছ ফালৰ পৰা খুন্দিয়াই। ফলত পথৰ ওপৰত ছিটিকি পৰি থিতাতে মৃত্যু হয় মেধাৱী ছাত্ৰজনৰ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে পথ অবৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে। এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে, বাইহাটা চাৰিআলি- গোৰেশ্বৰ গড়কাপ্তানী পথেটোৰে দিনে-নিশাই বিপদজনকভাৱে চলাচল কৰি থকা ১০/১২ চকীয়া ডাম্পাৰৰ লগতে মালবাহী গধুৰ যান-বাহনসমূহক নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰে। পিছত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাত্ৰজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।