অসম

বনকৰা মহিলাৰ গাত গৰম পানী ঢালি অত্যাচাৰ চলোৱা শুভলক্ষ্মী মুকলি আকাশৰ তলত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এজাহাৰ দাখিল হোৱাৰ ২ দিন উকলি যোৱাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাই অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত। নাজিৰাত সংঘটিত এক কাণ্ডই জোকাৰিছে ৰাজ্য়।

অভিযোগ অনুসৰি নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই তেওঁৰ বাসগৃহত বনকৰা মহিলাগৰাকীৰ শৰীৰত গৰমপানী ঢালি অকথ্য নিৰ্যাতন চলায়। বনকৰা মহিলাগৰাকীক গা-ধোৱা ঘৰত ভৰাই শৰীৰত গৰমপানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, কাম কৰা মহিলাগৰাকীৰ গুপ্তাংগতো শুভলক্ষ্মীয়ে সানিছিল জলকীয়া।

মন গ'লেই মহিলাগৰাকীক বেলনা মাৰিৰে কোবাই কোবাই আঘাতপ্ৰাপ্ত কৰিছিল তেওঁ। শুভলক্ষ্মীৰ দৰে তেওঁৰ কন্যাইও বনকৰা মহিলাগৰাকীক ঘুচিয়াই, গুৰিয়াইছিল।

২৬ আগষ্টত গাত উতলা পানী ঢালি দিয়া দেখা পোৱাৰ পাছত একাংশই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ডিজিপি জিপি সিঙে ঘটনাৰ উচিত তদন্ত হ'ব বুলি আশ্বাস দিছিল।

কিন্তু এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই শুভলক্ষ্মী। আনহাতে এই পৰ্যন্ত নিলম্বন বা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।গতিকে কেতিয়া এই আৰক্ষী বিষয়াগৰাকী গ্ৰেপ্তাৰ হ'ব সেয়া ডাঙৰ প্ৰশ্ন।