অসম

পলাতক শুভলক্ষীক বিচাৰি আজিও আৰক্ষীৰ জোৰদাৰ অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিও পলাতক অৱস্থাত শুভলক্ষী দত্ত। শুভলক্ষীক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ যুতীয়া অভিযান অব্যাহত আছে। মহানগৰীত থকা আত্মীয়ৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ শুভলক্ষীৰ সন্ধানত তীব্ৰতৰ কৰি তুলিছে অভিযান।

উল্লেখ্য যে, চৰাইদেউৰ এ এছ পি শুভলক্ষী দত্তই নাজিৰাস্থিত নিজ বাসগৃহত বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাইছিল। এই ঘটনা পোহৰলৈ অহাত জাঙুৰ খাই উঠে দল-সংগঠন। পৰৱৰ্তী সময়ত এই ঘটনাৰ বাবে শুভলক্ষীক অসম আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষই নিলম্বন কৰে।

ইয়াৰ পাছৰে পৰা মহানগৰীত আহি আত্মগোপন কৰিছিল শুভলক্ষীয়ে। মঙলবাৰে শুভলক্ষীক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষী উপস্থিত হৈ মহানগৰ আৰক্ষীৰ সৈতে অভিযান চলায়। এই সংক্ৰান্তত প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে। অৱশ্যে বনকৰা কৰ্মীক নিৰ্যাতন কৰাৰ ঘটনাৰ বাবে নে অন্য কাৰণ বা গোচৰত শুভলক্ষীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে সেয়া জানিব পৰা হোৱা নাই।

ইপিনে আৰক্ষীৰ অহাৰ উমান পাই নিশাই কুশল দুৱৰীৰ বাসগৃহৰ পৰা পলায়ন কৰে শুভলক্ষী। নিশা দুৱৰীৰ ফ্লেটৰ পৰা উলাই ওৱাল পাৰ হোৱাৰ চেষ্টা কৰা দৃশ্য ইতিমধ্যেই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আনহাতে একাংশই এই ক্ষেত্ৰত জগৰীয়া কৰিছে আৰক্ষীক। প্ৰথমে সোধ-পোছ কৰাৰ পাছতে গ্ৰেপ্তাৰ নকৰি এতিয়া নাটকীয় ভাবে বিচাৰি আছে বুলি মত পোষণ কৰে বহুতে। অৱশ্যে আৰক্ষীৰ জোৰদাৰ অভিযানলৈ প্ৰত্যক্ষ কৰি এতিয়া শুভলক্ষী দত্ত গ্ৰেপ্তাৰ হোৱাতো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে।