অসম

ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা...

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলে আকৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কলা বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে বিদ্যালয়খনৰ আটাইগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে বিজ্ঞান শাখাত মুঠ ১১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৭গৰাকীয়ে ডিষ্টিংচন পোৱাৰ লগতে ৩৫ জনে ষ্টাৰ, মুঠ ৯৪জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

আনফালে কলা শাখাত মুঠ ৬৪জন ছাত্ৰ-ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৪জনে ডিষ্টিংচন পোৱাৰ লগতে ১০জনে ষ্টাৰ মুঠ ৪৪জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আকৌ বাণিজ্য শাখাত ১৬গৰাকী ছাত্ৰ -ছাত্ৰীৰ ৫গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।

সামগ্ৰিকভাৱে বিদ্যালয়খনৰ উত্তীৰ্ণৰ শতকৰা হাৰ ১০০। বিদ্যালয়ৰ ১৯২জন ছাত্ৰ -ছাত্ৰীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। ইফালে ঘোষিত ফলাফলত পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ ৯৫ নম্বৰ লাভ কৰাৰ সমান্তৰালভাৱে ৩১ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে।

একেদৰে ৰাসায়ন বিজ্ঞানত সৰ্বোচ্চ ৯৮ লাভ কৰাৰ সমান্তৰালভাৱে ২৮জনে লেটাৰ নম্বৰ লাভেৰে বিদ্যালয় খনৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় ।