কামৰূপ জিলা কৃষি বিভাগৰ মিলেট সজাগতা সভাৰ সফল সমাপ্তি... 
অসম

কামৰূপ জিলা কৃষি বিভাগৰ মিলেট সজাগতা সভাৰ সফল সমাপ্তি...

Asomiya Pratidin

ডিজিটেল সংবাদ কামৰূপঃ একবিংশ শতিকাৰ সৰ্বোত্তম খাদ্য শস্যবোৰৰ ভিতৰত অন্যতম হ'ল মিলেট। এসময়ত অসমীয়া খাদ্যাভ্যাসৰ অংশ আছিল যদিও সময়ৰ গতিত ক্ৰমান্বয়ে মিলেটৰ চাহিদা হ্রাস পাবলৈ ধৰে। সেয়েহে মিলেটৰ গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০২২ চনৰ ১৬ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৭ বছৰৰ উদ্দেশ্যে অসম মিলেট মিচনৰ শুভাৰম্ভ কৰে।

অসম মিলেট মিচনৰ উদ্দেশ্য আগত ৰাখিয়ে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা সৰ্বশিক্ষা অভিযানৰ সহযোগত কামৰূপ জিলাৰ অন্তৰ্গত মুঠ সোতৰখন চৰকাৰী তথা ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত যোৱা ৪ অক্টোবৰৰ পৰা মিলেট সেৱন সম্পৰ্কে আয়োজন কৰা সজাগতা সভাৰ আজি সফল সমাপ্তি ঘটে। আজি হাজোৰ ৰামদিয়াৰ আঞ্চলিক জাতীয় বিদ্যালয় আৰু ডেফদিল ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত সভাত দুয়োখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও সক্ৰিয় অংশগ্ৰহণ কৰে।

আজিৰ সভাত কামৰূপ জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ জ্যোতি প্ৰসাদ দাস, মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী শ্ৰীয়া দেৱী, ৰামদিয়াৰ কৃষি উন্নয়ন বিষয়া কংকনা মেধি তথা মিলেট উদ্যোগী মায়াশ্ৰী বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাত মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতাৰ লগতে মিলেট ৰন্ধন প্ৰণালী সম্পৰ্কে শিক্ষাৰ্থীসকলক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।

শিক্ষাৰ্থীসকলৰ মাজত মিলেট সম্পৰ্কীয় সজাগতাৰ জৰিয়তে মিলেট সেৱনৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল। জানিব পৰা মতে যোৱা ৪ অক্টোবৰৰ পৰা কামৰূপ জিলাৰ বকো, ছয়গাঁও, ৰামপুৰ, বংশৰ, হাজো, ৰঙিয়া, বেজেৰাকে ধৰি বিভিন্ন অঞ্চলৰ বিদ্যালয়ত এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল।