অসম

ওদালগুৰিত যোগাসন প্রতিযোগিতাৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলা যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত ওদালগুৰি চহৰত জিলাভিত্তিক যোগাসন প্রতিযোগিতাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। ওদালগুৰি পৌৰসভাৰ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনি বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয় বন্তি প্ৰজ্বলেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে বসুমতাৰীয়ে যোগাসনৰ প্ৰয়োজনীয়তা আৰু ফলাফল সন্দৰ্ভত উদ্বোধনী ভাষণ আগবঢ়ায়। এই প্ৰতিযোগিতাত ৯ বছৰ তলৰ মহিলা শাখাত অনুৰাধা গোৱালাই প্ৰথম , বিদিশা সুবেদীয়ে দ্বিতীয় আৰু নিমিষা এক্কাই তৃতীয় স্থান লাভ কৰাৰ লগতে পুৰুষ শাখাৰ হৃষিকেশ ডেকাই প্ৰথম হিমন জ্যোতি ডেকাই দ্বিতীয় আৰু ইউব্ৰেজ ডেকাই তৃতীয় স্থান লাভ কৰে।

ছাব জুনিয়ৰ মহিলা শাখাত দিক্ষিতা ডেকাই প্ৰথম, খুশী প্ৰিয়া ডেকাই দ্বিতীয় আৰু গায়ত্ৰী ডেকাই তৃতীয় স্থান লাভ কৰাৰ লগতে ছাব জুনিয়ৰ পুৰুষৰ শাখাত শিৱম গড়ে প্ৰথম পৱন গড়ে দ্বিতীয় আৰু ময়ুৰ চহৰীয়াই তৃতীয় স্থান লাভ কৰে। জুনিয়ৰ মহিলা শাখাত অসিন্ত বৰলাই প্ৰথম দিপিকা নাগে দ্বিতীয় স্থান লাভ কৰাৰ লগতে পুৰুষৰ শাখাত গৌতম ডেকাই প্ৰথম স্থান লাভ কৰে।

একেদৰে চিনিয়ৰৰ মহিলা শাখাত নিৰ্মালি দাসে প্ৰথম স্থান লাভ কৰিব সক্ষম হয়। স্থান লাভ কৰা এইসকল প্ৰতিযোগীয়ে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া যোগাসন প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰা বুলি ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নিতু শইকীয়াই সাংবাদিকক জানিবলৈ দিয়ে।

অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমাজসেৱক জৌচৰাং বড়োৱে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়ো, উপ-পৌৰপতি প্ৰাচূৰ্য্য দাস, যুৱ নেতা সমৰ হাজৰিকা, যোগবিদ হৰি প্ৰসাদ তালুকদাৰ, সদৌ অসম যোগাসন ক্ৰিয়া সন্থাৰ সাধাৰণ সম্পাদক জ্যোতিৰ্ময় শইকীয়া, ভৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী, ওদালগুৰি জিলা যোগাসন ক্ৰিয়া সন্থাৰ সভাপতিৰ অৰূপ ডেকাৰ লগতে সাংবাদিক গৌতম জ্যোতি তালুকদাৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।