অসম

সুদক্ষিণা শৰ্মা আৰু নাইঃ সোঁৱৰণী হৈ ৰ'ল সেই সুৰীয়া সময়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শেষ হ'ল এক কাহিনী। অসমবাসীয়ে শুনিবলৈ নাপায় আৰু সেই সুমুধুৰ কণ্ঠ। শেষ নিশ্বাস ত্যাগ কৰিলে সুদক্ষিণা শৰ্মাই। দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা তেওঁ জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰে।

পুৱা ৮.২৫ বজাত মৃত্যুক সাৱটি লোৱা শিল্পীগৰাকীৰ বয়স আছিল ৮৯ বছৰ। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা আছিল গীতিকাৰ, সুৰকাৰ দিলীপ শর্মাৰ পত্নী। ১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা। ঘৰত তেওঁক সকলোৱে মাতিছিল কুইন বুলি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ নাম দিছিল কুইন হাজৰিকা।

ৰেডিঅ'ত প্ৰথমে গীত গাঁওতে তেওঁ কুইন হাজৰিকা নামেৰেই গাইছিল। অতি বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা। তাৰ পাছৰ পৰাই তেওঁ সুদক্ষিণা শৰ্মা নামেৰে পৰিচিত হৈ পৰে।

এটা অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই শৈশৱতেই জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল। মাত্ৰ দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণু প্ৰসাদ ৰাভা তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ ‘বিশ্বৰে ছন্দে ছন্দে’, অ' মইনাকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল।

১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল। সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।

সুদক্ষিণা শৰ্মাৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীৰ ক্ষেত্ৰৰ লগতে সাংস্কৃতিক আৰু সামজাকি ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।