চুমি অবিহনেই আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰাব বিশালক... 
অসম

চুমি অবিহনেই আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰাব বিশালক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ট্ৰেডিঙত ধন বিনিয়োগ কৰি ৩০ শতাংশ পৰ্যন্ত লাভৰ আশা দেখুৱাই ধন লুণ্ঠন কৰি বিলাসী জীৱন কটোৱা বিশাল ফুকনক আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যে বিশালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

সেই ন্যায়িক জিম্মাৰ ম্যাদ আজিক অন্ত পৰিব। আজি পুনৰ ন্যায়ালয়ে বিশালক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, বিশাল ফুকনৰ সহযোগী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক ফুকন এতিয়াও পলাতক। তেওঁলোক দুয়োকে গুৱাহাটীৰ পৰা পলায়ন কৰাত স্বয়ং আৰক্ষীয়ে সহায় কৰাৰো অভিযোগ উঠিছে।

কিন্ত তাৎপৰ্যপূৰ্ণভাৱে এতিয়ালৈকে কোনে কোনে বিশালৰ হাতত ৩০ শতাংশ লাভৰ আশাত কোটি কোটি ধন তুলি দিছিল সেই সকলৰ কোনেও এতিয়ালৈকে মুখ খোলা নাই।

সেয়ে বিশালৰ হাতত যিসকলে ধন তুলি দিছিল সেয়া ক’লা ধন আছিল বুলিয়েই সন্দেহ কৰা হৈছে। বিশালে এই ধন সংগ্ৰহ কৰি যি সাম্ৰাজ্য গঢ়ি তুলিছিল সেই সাম্ৰাজ্যৰ এটা এটা তথ্য পোহৰলৈ আহিছে যদিও আৰু বহু তথ্য এতিয়াও পোহৰলৈ আহিবলৈ বাকী।

বিশালৰ পাতি লোৱা বায়েক চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক আটক কৰিব পাৰিলেই এই সমগ্ৰ ঘটনাৰ আৰু বহু বিস্ফোৰক তথ্য প্ৰকাশ পোৱাতো নিশ্চিত। কিন্তু এই পৰ্যন্ত এই দুয়ো প্ৰৱঞ্চকক আৰক্ষীয়ে আটক কৰিব নোৱাৰা বিষয়টোৱে আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিছে।

সমান্তৰালকৈ চুমি বৰাক পলায়নত সহায় কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হাত থকা বুলি যি খবৰ ওলাইছে সেই খবৰৰ বাবেই এতিয়া গোটেই প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পৰিবৰ্তে আধাতে ৰৈ যাব বুলিও সন্দেহ কৰিছে সাধাৰণ ৰাইজে।