আৰক্ষীৰ পৃষ্ঠপোষকতাতে ৰচনা হৈছিল নেকি এই নাটক ! 
অসম

Sumi Borah Case: আৰক্ষীৰ পৃষ্ঠপোষকতাতে ৰচনা হৈছিল নেকি এই নাটক !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আত্মসমৰ্পণ নে বিশেষ তদন্তকাৰী বাহিনী (এছ টি এফ)ৰ হাতত গ্ৰেপ্তাৰ হ'ল চুমি বৰা (Sumi Borah) আৰু তাৰ্কিক বৰা (Tarkik Borah) এই লৈ এতিয়া সামাজিক মাধ্যমত বিভিন্নধৰণে চৰ্চা হৈছে। অসম আৰক্ষীয়ে এই দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা বুলি কৈছে যদিও চুমি আৰু তাৰ্কিকে আত্মসমৰ্পণ কৰা বুলিহে চৰ্চা হৈছে।

দীৰ্ঘদিন ধৰি পলাই ফুৰি অৱশেষত বুধবাৰে এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে চুমি বৰাই আত্মসমৰ্পণ কৰিব বুলি উল্লেখ কৰিছিল। তেওঁ সংবাদ মাধ্যমক সমালোচনা কৰি আত্মসমৰ্পণৰ বাবে সাজু হৈছে বুলিও জনাইছিল।

নিজকে নিৰ্দোষী বুলি প্ৰকাৰন্তৰে ক'বলৈ গৈ ন্যায়ালয়ে তেওঁ মিডিয়াৰ বাতৰিৰ পৰিবৰ্তে তথ্যৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰি কৈছিল মোৰ বিশ্বাস যদি মই সত্য তেন্তে মোৰ কোনোধৰণৰ শাস্তি নহয়।

চুমি বৰাৰ এনে ভিডিঅ' বাৰ্তাৰ পিছতেই তেওঁলোকে নিশাৰ ভিতৰতে আত্মসমৰ্পণ কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু তাৰ পৰিবৰ্তে আজি পুৱাহে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগে লগে সৃষ্টি হৈছে বিভিন্ন প্ৰশ্ন।

ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে পুৱা প্ৰায় ৫-৩০ বজাত চুমি বৰা আৰু তাৰ্কিক বৰাক লৈ গৈছিল আৰক্ষীৰৰ এটা দলে। অৱশ্যে কৰ্তৃপক্ষই সেয়া চুমি আৰু তাৰ্কিক বুলি জানিব পৰা নাছিল।

জিমখানা ক্লাবৰ পৰিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় এনেদৰে- ''তেওঁলোক প্ৰায় ৫-৩০ বজাত আৰক্ষীৰ লগত আহিছিল। 'নাইট শ্বিফট'ত যিগৰাকী ল’ৰা আছিল তেওঁক আহি আৰক্ষীয়ে ক’লে, ৰুম দুটা দিয়ক 'গেষ্ট ফ্ৰেছ' হ’ব, মিটিং এখন আছে। ৰুম দি দিয়া হ’ল, যিহেতু তেওঁলোক আৰক্ষী। কোনোবা ভি আই পি, ভি ভি আই পি হ’ব পাৰে বুলি। তেতিয়ালৈকে সি গমেই নাপালে যে কোন হয়, তেওঁৰ লগত থকা 'লেডী'গৰাকী কোন বা 'জেণ্টছ' জন কোন। তেওঁলোকৰ লগত কেইবাজনো আহিছিল। তেওঁলোক ২১ নম্বৰ ৰুমত থাকিল। 'ব্ৰেকফাষ্ট'ৰ অৰ্ডাৰ দিলে। 'ব্ৰেকফাষ্ট' খালে। কেইবাজনো পুলিচ 'গাৰ্ড' বহি আছিল। তেওঁলোকৰ বাবেও 'ব্ৰেকফাষ্ট' অৰ্ডাৰ কৰিলে। তাৰ পিছত তেওঁলোকে ইয়াত এ চি নাই বুলি কৈ ক'লে, ৰুম এটাৰ ব্যৱস্থা কৰি দিয়ক। তেনেকৈয়ে ৰুম এটাৰ ব্যৱস্থা কৰি দিয়াত তেওঁলোকেও তাতেই 'ব্ৰেকফাষ্ট' কৰিলে। তাৰ পিছত প্ৰায় ৮-৩০ মান বজাত তেওঁলোক ইয়াৰ পৰা গ’লগৈ। পিছত 'নিউজ'ত চাইহে আমাৰ ল'ৰাই গম পাইছে চুমি বৰা আৰু তাৰ্কিক বৰা এওঁলোকেই আছিল।''

এতিয়া প্ৰশ্ন হয়, যদিহে এছ টি এফে চুমি আৰু তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰিছিল তেন্তে কিয় জিমখানা ক্লাবলৈ লৈ গৈছিল? কিয় তেওঁলোকক বিলাসী কোঠাত 'ফ্ৰেছ' হ'বলৈ দিয়া হৈছিল? আন অপৰাধী বা ভুক্তভোগীৰ ক্ষেত্ৰত এনে পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰেনে?

চুমি বৰাই উল্লেখ কৰা মতে তেওঁ পলাই থকা নাছিল লুকাই আছিল। নেপাল, বিহাৰ, মেঘালয়লৈ যোৱাৰ পৰিৱৰ্তে টিয়কতহে হেনো লুকাই আছিল। তাৰ্কিক বৰাৰ টিয়কৰ সম্পৰ্কীয় লোকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে চুমিয়ে উল্লেখ কৰা এই কথা সম্পূৰ্ণ অসত্য কথা। তাৰ্কিক বৰা, চুমি বৰা এইঘৰলৈ অহা নাই। আনকি তেওঁলোকে এই কথাও কৈছে যে, চুমি আৰু তাৰ্কিকৰ বিয়াৰ পিছত বিশেষকৈ চুমি এই ঘৰখনত ভৰি দিবলৈ অহা নাই।

ইফালে তথ্য অনুসৰি চুমি আৰু তাৰ্কিক চুবুৰীয়া মেঘালয়তে আত্মগোপণ কৰি থকাটোৱেই সত্য। তেওঁলোকে শেহতীয়াকৈ আত্মসমৰ্পণৰ বাবে যোৰহাট হৈ অসমত প্ৰৱেশ কৰিছিল আৰু ডিব্ৰুগড় অভিমুখে আত্মসমৰ্পণৰ বাবে ৰাওনা হৈছিল।

চুমি আৰু তাৰ্কিকৰ আত্মগোপণ আৰু আত্মসমৰ্পণ বা গ্ৰেপ্তাৰৰ এই গোটেই প্ৰক্ৰিয়াটোত অসম আৰক্ষীৰ ভূমিকা সন্দেহজনক আছিল আৰু এতিয়াও তেওঁলোকৰ এই গ্ৰেপ্তাৰৰ দাবীও সন্দেহৰ আওঁতালৈ আহিছে। এই দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত অসম আৰক্ষী চূড়ান্ত ৰূপত বিফল হৈছে। চুমি আৰু তাৰ্কিক পলায়নত যে অসম আৰক্ষীৰ পূৰ্ণ সহযোগিতা আছিল সেয়া এতিয়া কাৰো বুজিবলৈ বাকী থকা নাই।