'মই পলাই থকা নাছিলো, লুকাই আছিলো': আত্মসমৰ্পণৰ পূৰ্বে ক'লে চুমি বৰাই... 
অসম

'মই পলাই থকা নাছিলো, লুকাই আছিলো': আত্মসমৰ্পণৰ পূৰ্বে ক'লে চুমি বৰাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি আত্মসমৰ্পণ কৰিব চুমি বৰাই। সংবাদ মাধ্যমলৈ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি চুমি বৰাই আত্মসৰ্পণ কৰাৰ কথা ঘোষণা কৰিছে। আজি তেওঁ সংবাদ মাধ্যমলৈ এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি কয়, ''মোৰ বিৰুদ্ধে বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজিছে তাৰ ১০ শতাংশও সঁচা নহয়। মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান মানসিক অত্যাচাৰ হ'ব বুলি কেতিয়াও ভবাই নাছিলো।''

তেওঁ পুনৰ কয়, ''মানসিকভাৱে কোনো ধৰণৰ কথা ক'বলৈ বা স্পষ্টিকৰণ দিবলৈ সাজু নাছিলো। সেয়ে সাত দিন যেনেতেনে কটালো যদিও এতিয়া মোৰ বিৰুদ্ধে বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙোৰ খোৱাইছে বিভিন্ন ক্ষেত্ৰত। ন্যায়ালয়ে মোক দোষী কৰাৰ আগতেই নিউজ, মিডিয়াই এতিয়ালৈকো মোক দোষী কৰা ফাঁচী দিছে। ইতিমধ্যে মই দোষী বুলি কথা কৈছে।''

চুমিয়ে আৰু কয়, ''গোচৰ আছিল ট্ৰেডিঙৰ বিৰুদ্ধে কিন্তু এতিয়া গোটেই গোচৰ হৈ পৰিল মোৰ বিৰুদ্ধে। আজি বহুত দিনৰ মূৰত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ সাজু হৈছে। মই সম্পূৰ্ণ সহযোগিতা কৰিম আৰক্ষীক। ইমানদিনে সাহস কৰি পৰা নাছিলো। মই পলাই ক'তো থকা নাছিলো। লুকাই আছিলো অকনমান। মই সহ্য কৰিব পৰা নাছিলো এনেকুৱা নিউজ শুনি থাকিবলৈ। যি মন যায় তাকেই কৈ আছে। কোনোধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে।''

''মই ভাবিছিলো মিডিয়াই ইমানখিনি কেতিয়াও নকৰে। আজি মিডিয়াৰ ফলত মই দোষী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা, দেউতা, মোৰ পৰিয়াল গোটেইবোৰ উলংগ হৈছে। এতিয়া আৰু ধৈয্য ধৰিব পৰা নাই, সীমা থাকে। সেয়ে আজি মই আত্মপসমৰ্পণ কৰিম। মোৰ বিশ্বাস তথ্য চাই ন্যায়ালয়ে সিদ্ধান্ত ল'ব। মিডিয়াৰ নিউজ চাই নহয়। মোৰ বিশ্বাস যদি মই সত্য নহয় তেন্তে কোনোধৰণৰ শাস্তি নহয়।'