অসম

Assam Trading Scam: আজি চুমিয়ে লগ পাব বিশালক!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চুমি বৰা আৰু তাৰ্কিক বৰাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি অন্ত পৰিব। যোৱা ৫দিন ধৰি চলা ধাৰাবাহিক জেৰাত চুমি আৰু তাৰ্কিকে বহু তথ্য আৰক্ষীৰ সন্মুখত সদৰি কৰিছে। প্ৰথম পৰ্যায়ত চুমিয়ে আৰক্ষীৰ কোনো প্ৰশ্নৰ উত্তৰ ভালদৰে প্ৰদান কৰা নাছিল যদিও শেষৰ পৰ্যায়ত আৰক্ষীক সহযোগ কৰিছে চুমিয়ে।

চুমিয়ে যাতে পিছৰ পৰ্যায়ত নিজৰ স্থিতি সলনি কৰিব নোৱাৰে তাৰবাবে জেৰাৰ সময়ৰ ভিডিঅ’ও কৰিছে তদন্তকাৰী দলটোৱে। আৰক্ষীৰ এই জেৰাৰ সময়ত চুমিয়ে বহু লোকৰ পৰা ধন আনি বিশালক দিয়াক কথাও স্বীকাৰ কৰিছে বুলি এক সূত্ৰই সদৰি কৰিছে।

ধন দিয়া তালিকাত ভিন্ন ক্ষেত্ৰৰ বহু হাইপ্ৰফাইল লোকৰ নাম লৈছে চুমিয়ে। অৱশ্যে সেয়া যি কি নহলেও, বিশ্বকৰ্মা পূজাৰ দিনটোতে চুমি-তাৰ্কিক আৰু লগতে তাৰ্কিকৰ ভাতৃ অম্লান বৰাৰ আৰক্ষীৰ ম্যাদ অন্ত পৰিব। আৰক্ষীয়ে তিনিওগৰাকীয়ে হাজিৰ কৰাব আদালাতত ।

আৰক্ষী এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, পুনৰ চুমি-তাৰ্কিকক জিম্মাত বিচাৰিব পাৰে আৰক্ষীয়ে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে,  যদিহে আৰক্ষীয়ে চুমি-তাৰ্কিকক জিম্মাত নিবিচাৰে তেন্তে তেওঁলোকক পৰৱৰ্তী ঠিকনা হব ডিব্ৰুগড় জিলা কাৰাগাৰ।

এই কাৰাগাৰতেই বন্দী হৈ আছে চুমি পাতি লোৱা ভায়েক মহাপ্ৰৱঞ্চক বিশাল ফুকন। আৰক্ষীয়ে জিম্মাত নিবিচাৰিলে প্ৰায় ১৫দিনৰ মূৰত বিশালৰ সৈতে সাক্ষাত হব পাৰে চুমি। অৱশ্যে চুমি-তাৰ্কিকক আৰক্ষীয়ে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনাই অধিক।