অসম

ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত গ্ৰীষ্মকালীন অভিনয় কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা এক্টিং একাডেমী সাহিত্য,লোক-কলা সংস্কৃতি আৰু নাট্যাভিনয়ৰ প্ৰণালীবদ্ধ চৰ্চা অব্যাহত ৰাখি ঢকুৱাখনাৰ নাট্য সাহিত্য ক্ষেত্ৰখনলৈ বৰেণ্য অৱদান আগবঢ়াই অহা এক সামাজিক অনুষ্ঠান । বিশিষ্ট নাট্য সাধক গৌৰৱ বৰুৱাৰ নিৰন্তৰ প্ৰচেষ্টাত ২০১৩ চনত অনুষ্ঠানটি প্ৰতিষ্ঠা হৈছিল।

সম্প্ৰতি এক প্ৰাণৱন্ত অনুষ্ঠানলৈ সফল উত্তৰণ ঘটা এই এক্টিং একাডেমীৰ উদ্যোগত বিগত ৮ বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি এইবাৰো আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন নাট্য অভিনয় আৰু পৰিৱেশ্য কলাৰ এক মনোজ্ঞ কৰ্মশালা। ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ৩ জুলাইৰ পৰা ২৩ জুলাই পৰ্যন্ত চলিব এই কৰ্মশালা।

কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ নাট্য কৰ্মী ভাস্কৰ বৰুৱা , বিশিষ্ট অভিনেতা, নাট্য পৰিচালক দীপজ্যোতি কাকতি,সফল নাট পৰিচালক তথা অভিনেতা কৃষ্ণ ভূঞা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ত্ৰিপুৰাৰ নাট্য সাধক মৌচুমী বৰপাত্ৰ গোঁহাইয়ে মুখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক নিৰ্ধাৰিত বিষয়বস্তুৰ ওপৰত প্ৰণালীবদ্ধ আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰিব। তাৰোপৰি যোগ ,শাৰীৰিক ব্যায়াম,কণ্ঠস্বৰ, আবৃত্তি, সংগীত ,নাট্য ,ক্ৰীড়া, অভিনয়, নাট্য ইতিহাস,নাট্য ৰচনা, মঞ্চ আৰু চলচ্চিত্ৰ অভিনয়, পৰিচালনা, নৃত্য ,চিত্ৰ ভাস্কৰ্য, মুখা,ৰূপসজ্জা আদি বিষয়বস্তুৰ সন্দৰ্ভত বহু কেইগৰাকী নাট্য বিশেষজ্ঞ ব্যক্তিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

গ্ৰীষ্মকালীন নাট্যাভিনয় কৰ্মশালাৰ সতে সংগতি ৰাখি প্ৰয়াত অচ্যুত দাস সোঁৱৰণী চতুৰ্থ বাৰ্ষিক "অকনিৰ ৰংচৰা" শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰি অকণিসকলক সংগীত , নৃত্য,আবৃত্তি,চিত্ৰকলা,অভিনয় খেলাধূলা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি এক্টিং একাডেমীৰ পৰিচালনা সমিতিৰ সম্পাদক  গৌৰৱ বৰুৱাই জানিবলৈ দিয়ে। উল্লেখ্য যে এই কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠান অহা ৩,জুলাইৰ দুপৰীয়া ১২-১৫ বজাত অনুষ্ঠিত হ'ব কৰ্মশালা প্ৰাংগণত ।

অসমৰ নাট্য-সাহিত্য ক্ষেত্ৰখনৰ বহু কেইগৰাকী সাধকে অংশগ্ৰহণ কৰিব লগা এই কৰ্মশালা উদ্বোধনী অনুষ্ঠানত নাট্যনুৰাগী ৰাইজ, প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে পৰিচালনা সমিতিয়ে।