অসম

ৰাজ্যৰ বাহিৰত আত্মগোপন কৰি আছে সুনীল গগৈ : জি পি সিং

Asomiya Pratidin

ডিজিটেল ডেস্ক : সুনীল গগৈ জীয়াই আছে ! ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ডৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক ঘৰৰ সমীপতে হত্যা কৰা বুলি প্ৰথমে ভবা হৈছিল যদিও পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডই নতুন মোৰ লৈছে।

ডি এন এ পৰীক্ষাত শিৰচ্ছেদ কৰা মৃতদেহ সুনীল গগৈৰ পৰিৱৰ্তে তেঁওৰ সৈতে কাম কৰা মিস্ত্ৰী জাহাংগীৰৰ বুলিহে আৰক্ষী নিশ্চিত হৈছে। তাৰ পাছতেই ৰহস্যঘন হৈ পৰিছিল এই হত্যাকাণ্ড।

ইতিমধ্যে চি আই ডিয়ে তদন্ত কৰি আছে এই গোচৰ। সুনীল গগৈৰ পত্নী পুত্ৰ আৰু আত্মীয়ক বহুবাৰ আৰক্ষীয়ে জেৰা কৰিছে যদিও এই হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তথ্য আৰক্ষীয়ে ৰাজহুৱা কৰা নাছিল। অৱশ্যে সুনীল গগৈ জীৱত আছে বুলি আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে কৈ আহিছিল।

জীৱন্তে সুনীল গগৈ ক’ত আছে সেই তথ্য অৱশ্যে আৰক্ষীয়ে ৰাজহুৱা কৰা নাছিল। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সুনীল গগৈৰ সন্দৰ্ভত প্ৰদান কৰিলে বিস্ফোৰক মন্তব্য। ৰাজ্যৰ বাহিৰত আছে সুনীল গগৈ। ঘনে ঘনে সুনীলে সলাইছে মোবাইলৰ ছিম কাৰ্ড।

সুনীল গগৈ সন্দৰ্ভত ডিজিপিৰ এই মন্তব্যই এতিয়া সমগ্ৰ হত্যাকাণ্ডৰ আকৌ এবাৰ নতুন মোৰ প্ৰদান কৰিলে।