ডিগবৈত আছুৱে, পশ্চিম বৰাগাঁৱত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে পালন কৰিলে ছহিদ দিৱস... 
অসম

ডিগবৈত আছুৱে, পশ্চিম বৰাগাঁৱত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে পালন কৰিলে ছহিদ দিৱস...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অনুষ্ঠিত হয় ছহিদ দিৱস। অসম আন্দোলনৰ ছহিদসকলৰ পৱিত্ৰ স্মৃতিত পালন কৰা এই দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰোপৰি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা। এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনত আত্ম বলিদান দিয়া অমৰ ছহিদসকললৈ গভীৰ শ্রদ্ধা নিবেদন কৰে। ইয়াৰোপৰি এই অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন জিলাৰ পুঁথিভঁৰাললৈ অসম আন্দোলনৰ তথ্যকোষ নামৰ গ্ৰন্থখন বিতৰণ কৰা হয়।

আনহাতে সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপিত হয় ছহিদ দিৱসৰ কাৰ্যসূচী। তাৰ মাজতে সন্থাই ডিগবৈৰ মুলীয়াবাৰী খেলপথাৰত কেন্দ্রীয়ভাবে অনুষ্ঠিত কৰে ছহিদ দিৱসৰ কাৰ্যসূচী।

সদৌ গুৱাহাটী ছাত্র সন্থাই পলটনবজাৰস্থিত ছহিদ উদ্যানত দিনযোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰে ছহিদ দিৱস। ইয়াত সর্বধর্ম প্রার্থনাৰো আয়োজন কৰা হয়। শোণিতপুৰ জিলা আছুৱে তেজপুৰৰ ছহিদ উদ্যান প্রাঙ্গনত ছহিদ দিৱসৰ কাৰ্যসূচী পালন কৰে।

সেইদৰে নগাওঁ, মৰিগাওঁ, দৰং, কামৰূপকে ধৰি বিভিন্ন জিলাতো আছুৰ উদ্যোগত পালন কৰা হয় ছহিদ দিৱসৰ কাৰ্যসূচী। স্মৰ্তব্য, অসম আন্দোলনৰ প্রথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰে আজিৰ দিনটোতে প্রাণ হেৰুৱাইছিল।

সেয়ে এই দিনটোতে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া সকলো অসমীয়া জাতি প্ৰেমিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ১০ ডিচেম্বৰৰ দিনটোকে ছহিদ দিৱস হিচাপে পালন কৰি অহা হৈছে।