অসম

ৰঙিয়াত দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ গাওঁ প্ৰধান মনোৱাৰ হুছেইন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া: ৰঙিয়াত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী গাওঁ প্ৰধান । ধৃত গাওঁ প্ৰধান গৰাকী হৈছে মৰাণজনাৰ কুমাৰপাতাৰ চোটশিল পঞ্চায়তৰ মনোৱাৰ হুছেইন । ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই উৎকোচ লৈ থকাৰ সময়তে গাওঁ প্ৰধান মনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে গাওঁ প্ৰধান হুছেইনে গাওঁৰ এগৰাকী মহিলাৰ পৰা প্ৰমাণ পত্ৰ দিয়াৰ বাবদ ৩,৫০০ টকা আগধন হিচাপে উৎকোচ লৈছিল । এই ঘটনাৰ পিছতে নিশা পিছত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৰঙিয়া আৰক্ষী থানালৈ লৈ আনি পিছত ধৃত গাওঁ প্ৰধান মনোৱাৰ হুছেইনক শুকুৰবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ।