ডিজিটেল ডেস্ক : প্ৰবল বৃষ্টিপাতৰ ফলত শেহতীয়াকৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বানপৰিস্থিতিয়ে দেখা দিছে। ৰাজ্যৰ ১২খন জিলাৰ ৫ লাখৰো অধিক লোকৰ ক্ষতিসাধান হোৱাৰ সমান্তৰালভাবে তামুলপুৰতো বানে ধুইছে কেইবাখনো গাঁৱৰ ৰাইজক।
শুকুৰবাৰে বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত তামুলপুৰৰ কুমাৰীকাটা অঞ্চলত এখন দলং উটুৱাই নিয়াত জনজীৱন ব্যাহত হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্য অনুসৰি দলঙখনৰ এটা বৃহৎ অংশ উটুৱাই নিয়ে বানে।
উল্লেখ্য যে, ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাৰ ৪,৯৫,৭০০ লোক আক্ৰান্ত হৈছে বানৰ প্ৰকোপত। ইয়াৰ সমান্তৰালভাবে ৰাজ্যত ভূমিস্খলনেও দেখা দিয়াত চিন্তিত হৈ পৰিছে ৰাজ্যবাসী। আনহাতে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে।