তামুলপুৰত বনৰীয়া হাতীৰ দাঁতসহ এজন চোৰাং চিকাৰীক আটক...  
অসম

তামুলপুৰত বনৰীয়া হাতীৰ দাঁতসহ এজন চোৰাং চিকাৰীক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ- কচুকাটাত চোৰাং চিকাৰী বিৰুদ্ধে বন্যপ্ৰানী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো, এছ এছ বি আৰু তামুলপুৰ ৰেঞ্জৰ অভিযান। এক গোপন সূত্ৰৰ পমখেদি বনবিভাগৰ লোকে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই পূৱ -কচুকাটা-নাওকাটা পথৰ ঢেকীপোটাত আটক কৰে লোক জনক।

আটকাধীন লোক জন পূৱ-কচুকাটাৰ ৰিংকু কাকতি ( ৩৩) ৷ জব্দকৃত হাতীৰ দাঁত টোৰ ওজন ৩ কিলোগ্ৰাম ৭৩১ গ্ৰাম ৷ বনবিভাগৰ লোকে পূৱ কচুকাটাৰ পৰা হাতীৰ দাত সহ চোৰাং চিকাৰীক আটক কৰি তামুলপুৰ বনবিভাগৰ কাৰ্যালয় আনে। বন বিভাগৰ লোকে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত আটক কৰি বনবিভাগে বিহিত ব্যৱস্থা গ্ৰহন কৰে ৷

অভিযানত এছ এছ বিৰ ২৪ নং বেটেলিয়নৰ বিষয়া জোৱান, তামুলপুৰৰ বন বিষয়া মিনিচ্লু বসুমতাৰী, নাগ্ৰীজুলিৰ বন বিষয়া সমৰজ্যোতি বড়ো, তামুলপুৰ বন বিভাগৰ লক্ষ্মী ডেকা, কুমাৰীকাটা বন বিভাগৰ বন বিষয়া বীৰেন বড়ো সহ আন আন বনবিষয়া সকল উপস্থিত আছিল ৷