অসম

শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতিৰ প্ৰমান পত্ৰ বিচাৰি প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়া আৰু শৰণীয়া কছাৰীক স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত তামুলপুৰ জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হয় । হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে শৰণীয়া কছাৰীক স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰক , শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়ক , নো চলুচন নো ভোট , উই ৱান্ট জাষ্টিছ , শৰণীয়া কছাৰী বিৰোধী চক্ৰ নিপাত যাওঁক , ভিক্ষা নহয় অধিকাৰ লাগে , আমাৰ দাবী ন্যায্য দাবী , এই সংগ্ৰাম চলিছে চলিবই , এন্টি শৰণীয়া গো বেক , এই জুই জ্বলিছে জলিবই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ ।

উত্তাল প্ৰতিবাদত কপিল তামুলপুৰ । এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা , সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়া , শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ সভানেত্ৰী প্ৰমিলা দাস , সাধাৰণ সম্পাদিকা , শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱা আদি উপস্থিত থাকে।