অসম

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ দাবীত উত্তাল তামুলপুৰৰ ৰাজপথ...

তামুলপুৰ জিলা নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, মহিলা পৰিষদৰ যৌথ উদ্যোগত তামুলপুৰত প্ৰতিবাদী সমদল ৷ সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সহযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰ : তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা, তামুলপুৰ জিলা ৰাভা মহিলা পৰিষদ আৰু তামুলপুৰ জিলা ৰাভা সাহিত্য সভাৰ উদ্যোগত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ তদন্ত চিবিআইক প্ৰদানৰ দাবীত এক সমদল উলিওৱা হয়। তামুলপুৰ মটঙাফুৰি উদ্যানৰ সন্মুখৰ পৰা উলিওৱা সমদলটো ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে মটঙাপাৰলৈ গৈ পুনৰ তামুলপুৰ ঘগ্ৰাচকলৈ আহে আৰু ঘগ্ৰাচকত সমদলৰ সামৰণি মাৰে।

সমদলত অংশগ্ৰহণকাৰী সকলে অসম চৰকাৰ হায় হায়, নগাঁও আৰক্ষী হায় হায়, জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণ কৰক, লীনা দলে মুর্দাবাদ, গৃহ বিভাগ হায় হায়, উই ওৱাণ্ট জাষ্টিছ, ন' জাষ্টিছ ন' ৰেষ্ট, আমাক ন্যায় লাগিবই আদি শ্লোগানেৰে তামুলপুৰ উত্তাল কৰি তোলে।

সমদলত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা , গোৰখা ছাত্ৰ সন্থা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, ট্ৰাইবেল সংঘ, শৰণীয়া কছাৰী ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপৰি ৰাভা ছাত্ৰ সন্থাৰ নেতা কৰ্মী, ৰাভা মহিলা পৰিষদৰ বিষয়ববীয়া-সদস্য, ৰাভা সাহিত্য সভাৰ বিষয়ববীয়া-সদস্য আদিকে ধৰি কেইবা শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।