অসম

কেক কাটি ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ শিক্ষক দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কচুৱাৰ মাধৱ পাৰাতো মাধৱপাৰা যুৱ মঞ্চৰ সৌজন্যত আৰু ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ প্ৰচেষ্টাত দিনযোৰা কাৰ্যসূচীৰৈ উদযাপন কৰা হয় শিক্ষকক দিৱসটি । এই উপলক্ষে পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱসটি উদযাপন কৰা হয় ।

বিয়লি বেলা অঞ্চলটোৰ সমাজকৰ্মী শিক্ষক যাদৱ বৰাৰ সভাপতিত্বত মুকলি সভা খন অনুস্থিত হয়।ৰহা সমষ্টিৰ বিধায়ক শশী কান্তু দাস উপস্থিত থকা সভাখনত বহু কেইজন শিক্ষকক সম্বৰ্ধনা জনায় ।সভা খনত ভাষন প্ৰদান কৰে কঠীয়াতলী শিক্ষা খণ্ডৰ কচুৱাৰ মণ্ডল সম্বয়ক মতিউৰ ৰহমান ; ৰহা সমষ্টিৰ এ আই ইউ ডি এফৰ সভাপতি জহুৰ আলি ;মাগুৰমাৰী প্ৰাথমিক বিদ্যালয়লৰ প্ৰধান শিক্ষক আব্দুল মালেক আদিয়ে ।

এই সম্পৰ্কত বিধায়ক গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ছাত্ৰ-ছত্ৰী সকলৰ লগতে নতুন প্ৰজন্মই নিজৰ পিতৃ -মাতৃৰ শিক্ষাৰে শিক্ষিত হৈ সুস্থিৰ চিন্তাৰে নিজক গঢ়ি তুলি আগবাঢ়ি যোৱাৰ বাবে আহ্বান কৰে।সভাখনতে বিধায়ক গৰাকীয়ে সব্বপল্পী ৰাধা কৃষ্ণনৰ জন্ম দিন উপলক্ষে কেকো কাটে।

সভাখনত সমাজ সেৱক জামাল উদ্দিন ;সমাজকৰ্মী আব্দুল কৰিম ;কঠীয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যবাহী অভিযন্ত্ৰা খগেশ্বৰ ডেকা ;যুৱ নেতা আব্দুল জব্বৰ;শিক্ষক হবিবুৰ ৰহমান ;মাধৱপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক বাহাৰুল ইছলাম ; : হুছেইন আলিআদি কৰি বহু কেইজন শিক্ষক আৰু সমাজকৰ্মী উপস্থিত থাকে।আজিৰ সভাখনত ৫০ জন শিক্ষকক ফুলাম গামোচা আৰু কলমৰে বিপুল সম্বৰ্ধনা জনায়।অনুস্থানটৌ আঁত ধৰে মতিউৰ ৰহমান ;ওমৰ আলি ;মোজাহিৰুল ইছলামে।