AGRANI KHABAR  
অসম

উত্তৰ কামৰূপত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত বৃত্তিমূলক বিষয়ৰ শিক্ষক...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ মহামানৱ মহাত্মা গান্ধীয়ে পোন প্ৰথমে ভাৰতবৰ্ষত বুনিয়াদী শিক্ষাৰ প্ৰচলন কৰিছিল। এইসকল মনীষাসম্পন্ন লোকৰ আদৰ্শ শিৰোগত কৰিয়ে চৰকাৰে মাধ্যমিক শিক্ষা ব্যৱস্থাত হস্তকলা, সংগীত ,পোছাক-ৰুপাঙ্কণ আদি বৃত্তিমূলক বিষয়সমূহ ঐচ্ছিক বিষয় হিচাপে অসমৰ একাংশ বিদ্যালয়ত প্ৰৱৰ্তন কৰিছিল।

অসম মাধ্যমিক শিক্ষা পৰিষদে উক্ত বিষয়বোৰ হাইস্কুলৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ঐচ্ছিক বিষয় হিচাপে মুকলি কৰি দিছিল। মুকলি কৰিয়ে যেন সকলো দায়িত্ব শেষ শিক্ষা পৰিষদৰ। সংশ্লিষ্ট বিষয়সমূহত বৰ্তমানেও কৰ্মৰত একাংশ শিক্ষকক আজি পৰ্যন্ত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে। কিয়নো ২০১৭ চনৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰণীত প্ৰাদেশিকীকৰণ আইনৰ ধাৰা-উপধাৰাবোৰ।

আইনখনৰ মতে এই পদসমূহ প্ৰাদেশিকীকৰণ হ'বলৈ ২০১৪, ২০১৫ আৰু ২০১৬ শিক্ষাবৰ্ষত উক্ত বিষয়কেইটাত কমেও ১০জনকৈ শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। যিটো ঐচ্ছিক বিষয়ৰ ক্ষেত্ৰত কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি উত্তৰ কামৰূপৰ বিশেষকৈ বহু কেইখন শিক্ষানুষ্ঠানৰ একাংশ ভুক্তভোগী শিক্ষকে আক্ষেপ কৰিছিল। আইনখনত নিৰ্ধাৰণ কৰি দিয়া চনকেইটাৰ বাহিৰে যদি অন্য এটা শিক্ষাবৰ্ষত এই সংখ্যা অৰ্থাৎ ১০জন বা তাতকৈ বেছি সংখ্যকো ছাত্ৰ-ছাত্ৰী থাকে, তথাপিও শিক্ষকজন প্ৰাদেশিকীকৰণৰ পৰা বঞ্ছিত হ'ব।

তৎসত্বেও বৰ্তমানেও উক্ত বিষয়বোৰত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীক ঐচ্ছিক বিষয় হিচাপে পঢ়াই আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংশ্লিষ্ট বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত শিক্ষা বিভাগে বাহ্যিক মূল্যায়নৰ লগতে পৰীক্ষক হিচাপে দিয়া দায়িত্বও নিষ্ঠা সহকাৰে সম্পাদন কৰাৰ পিছতো কি যুক্তিত বঞ্চিত কৰি ৰাখিছে বুলি শিক্ষাবিভাগলৈ প্ৰতিবেদকৰ জৰিয়তে মুকলিকৈ প্ৰশ্ন কৰিছে এইসকল ভুক্তভোগী শিক্ষকে। এই ক্ষেত্ৰত শিক্ষা বিভাগক অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা লবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে।