অসম

মেৰাপানীত নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ঘটনাক লৈ উত্তেজনা

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানীত ড্ৰাগছ সৰবৰাহৰ ঘটনাক লৈ উত্তেজনা। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰত ৰাইজে খেদি খেদি আটক কৰিলে ড্ৰাগছ সেৱনকাৰী যুৱকক।

ইছলামপুৰৰ জা আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীৰ গৃহৰ পৰা দুটা প্লাষ্টিকৰ টেমাত ড্ৰাগছ সেৱনৰ বাবে নিয়া প্ৰত্যক্ষ কৰি স্থানীয় লোকে ৰামপুৰৰ নুৰউদ্দিন আহমেদৰ পুত্ৰ চৈইব আহমেদ নামৰ যুৱকজনক আটক কৰে। ৰাইজৰ উত্তম-মধ্যমৰ পাছতেই আহমেদৰ ঘৰৰ পৰা হিৰ'ইনসমূহ ক্ৰয় কৰা বুলি ধৃত যুৱকজনে স্বীকাৰ কৰে।

ইফালে ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনৰ ঘৰত তালাচী চলোৱাত কেইবাটাও হিৰ'ইনসহ টেমা আৰু খালী বাকচ উদ্ধাৰ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুইছেইনৰ লগতে তেওঁৰ পুত্ৰ চাবিৰ হুছেইন, পত্নীৰ লগতে বোৱাৰীয়েকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসম-নাগালেণ্ড সীমান্ত ড্ৰাগছৰ ঘাটিত পৰিণত হোৱাৰ সমান্তৰালভাৱে বহু যুৱক-যুৱতী ড্ৰাগছৰ কৱলত পৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে।