অসম

কিশোৰীক বলাৎকাৰৰ লগতে ভ্রূণ হত্যাৰ চেষ্টা চলোৱ উদয় মেছৰ বিৰুদ্ধে শাস্তি ঘোষণা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তেজপুৰ আদালতৰ ঐতিহাসিক ৰায়দান। বৃহস্পতিবাৰে কিশোৰীক বলাৎকাৰৰ অভিযুক্তৰ বিৰুদ্ধে ৰায়দান দিয়ে আদালতে।

উদয় মেছ নামৰ অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে তেজপুৰ আদালতে। কিশোৰীক বলাৎকাৰৰ লগতে ভ্রূণ হত্যাৰ চেষ্টা চলাইছিল উদয় মেছে।

এই ধৰ্ষণকাণ্ডৰ পাছতেই পকচো আইনৰ অধীনত গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰৰ অধীনতে উদয় মেছক কাৰাদণ্ড বিহা হয়।