অসম

টিজি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেট আৰম্ভ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা জজ খেলপথাৰত আৰম্ভ হৈছে একাদশ বার্ষিক টি জি বৰুৱা সোঁৱৰণী টি- ২০ মিডিয়া ক্রিকেট প্রতিযোগিতা। নকআউট পদ্ধতিৰে আৰম্ভ হোৱা প্ৰতিযোগিতাৰ আজিৰ দুখন মেচত ক্রমে গুৱাহাটী প্ৰেছ ক্লাব (জি পি চি) আৰু অসমীয়া প্রতিদিনে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

প্রথমখন মেচত জি পি চিয়ে ১১৪ ৰানত ডি ৱাই ৩৬৫ক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি প্ৰেছ ক্লাবৰ দলটোৱে ৰাজদীপ দাসৰ অপৰাজিত ৭৬, ৰবীন দাসৰ ৩৯ আৰু কমলেশ বৰ্মনৰ ৩৮ ৰানৰ সহায়ত তিনিটা উইকেট হেৰুৱাই ১৮৪ ৰান সংগ্ৰহ কৰে।

কিশোৰ তালুকদাৰে দখল কৰে দুটা উইকেট। প্রত্যুত্তৰত ডি ৱায়ে ১৩.২ অ'ভাৰত মাত্র ৭০ ৰানতে ইনিংছ সামৰে। ৰাজদীপে ৪টাকৈ উইকেট লাভ কৰি মেন অব দা মেচ বিবেচিত হয়। লগতে দুটাকৈ উইকেট দখল কৰে ৰবীন আৰু বিতোপন ডেকাই।

দ্বিতীয়খন মেচত 'অসমীয়া প্রতিদিন' য়ে ১২১ বানত 'আছাম টকছ'ক হৰুৱায়। অসমীয়া প্রতিদিনে প্রথমে বেটিং কৰি নিপন ডেকাৰ ৫১, তৌহিদ আলী তালুকদাৰৰ অপৰাজিত ৩৭, জগজিৎ সিঙৰ ৩৫ আৰু বিশ্বজিৎ ডেকাৰ ২২ ৰানৰ সহায়ত ৫ টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। আনহাতে আৰিফ খানে লাভ কৰে দুটা উইকেট।

প্রত্যুত্তৰত আছাম টকছে ১৫.৩ অভাৰত মৃন্ময় নাথৰ অপৰাজিত ২৯ ৰানৰ সহায়ত ৫৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। প্রতিদিনৰ পুষ্পৰাজ শৰ্মাই পাঁচটা, পাৰ্থিৱ হাজৰিকাই দুটা , অবিনাশ ঠাকুৰীয়া, বিতোপন কোঁৱৰ আৰু বিশ্বজিতে এটাকৈ উইকেট লাভ কৰে। মেন অফ দা মেচ হিচাপে বিবেচিত হয় পুষ্পৰাজ ।