অসম

কোকৰাঝাৰত শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ ১৩৬ তম জন্ম মহোৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰতো আজি উদযাপন কৰা হয় শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ ১৩৬ তম জন্ম মহোৎসৱ ৷ ঠাকুৰ অনুকূলচন্দ্ৰৰ জন্ম মহোৎসৱক লৈ বিটিআৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে কোকৰাঝাৰ চহৰ উখল মাখল হৈ পৰে ।

কোকৰাঝাৰ সৎসঙ্গ বিহাৰ আৰু মাগুৰমাৰী সৎসঙ্গ বিহাৰৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰ ৰাসমেলা পথাৰত উদযাপন কৰা হয় শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ এই জন্ম মহোৎসৱ ৷

ৰাতিপুৱা ৫ বজাত উষাকীৰ্ত্তনৰে শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ জন্ম মহোৎসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ৰাতিপুৱা ৬-৩০ বজাত প্ৰাত:কালীন বিনতি প্ৰাৰ্থনা , অমৰ সংগীত , সমবেত নাম - জপ , অমিয় গ্ৰন্থাদি আদি পাঠ কৰা হয় ৷ পুৱা ৯ বজাত সঙ্গীতঞ্জলি আৰু ১০ বজাত শ্ৰী শ্ৰী ঠাকুৰ, শ্ৰী শ্ৰী বড়মা আৰু শ্ৰী শ্ৰী বড়দাৰ ভোগ নিবেদন কৰা হয় ৷

উল্লেখ্য যে ঠাকুৰ অনুকূলচন্দ্ৰৰ জন্ম মহোৎসৱ উদযাপনৰ সতে সংগতি ৰাখি পুৱা ১১ বজাত কোকৰাঝাৰ চহৰত ঠাকুৰ অনুকূলচন্দ্ৰৰ প্ৰতিকৃতি লৈ এক বিশাল বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাত হাজাৰ হাজাৰ ভক্তৰ লগতে বিভিন্ন জাতি -জনগোষ্ঠীৰ কলা-কৃষ্টিৰ দলে অংশগ্ৰহণ কৰে ৷ শোভাযাত্ৰাৰ অন্তত কোকৰাঝাৰৰ আৰ এন বি অসামৰিক হস্পিতাল আৰু এম আৰ এম নাৰ্ছিং হস্পিতালত ফলমূল বিতৰণ কৰা হয় ৷ বিয়লি এক বজাত ভাণ্ডাৰৰ প্ৰসাদ বিতৰণ আৰু বিয়লি ২ বজাৰ পৰা সৎসঙ্গী সন্মিলন অনুষ্ঠিত হয় ৷ শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ ১৩৬ তম জন্ম মহোৎসৱ উদযাপন কাৰ্যসূচীত বিটিআৰৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে ৷